টাইপ টেষ্ট আৰু স্পেচিয়েল টেষ্টৰ প্ৰমাণপত্ৰ লাভ চাৰ্ভ’কন চিষ্টেমছ লিমিটেডৰ

410

কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ তৃতীয় পক্ষ(থাৰ্ড পাৰ্টী)ৰ সংস্থা কেন্দ্ৰীয় শক্তি গৱেষণা প্ৰতিষ্ঠান (চিপিআৰআই) ভূপালে ছাৰ্ভ’কন চিষ্টেমছ লিমিটেডক টাইপ টেষ্ট আৰু স্পেচিয়েল টেষ্টৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। ভাৰতৰ আগশাৰীৰ পাৱাৰ কণ্ডিচনিং সঁজুলি আৰু ট্ৰেন্সফৰ্মাৰ নিৰ্মাতা প্ৰতিষ্ঠান চাৰ্ভ’কন চিষ্টেমছ লিমিটেডৰ বাবে এই প্ৰমাণপত্ৰ এক গুৰুত্বপূৰ্ণ সফলতা। এই প্ৰমাণপত্ৰই কোম্পানীটোৰ গুণগত মানদণ্ডৰ প্ৰতি দায়বদ্ধতা, ঘৰুৱা উৎপাদন আৰু অভিযান্ত্ৰিক ক্ষমতাৰ শক্তিৰ প্ৰমাণ দিয়ে।

চাৰ্ভ’কন চিষ্টেমছ লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক হাজী কামৰুদ্দিনে এই প্ৰমাণপত্ৰ লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, এই চাৰ্টিফিকেট লাভে ভাৰতৰ আগশাৰীৰ পাৱাৰ কণ্ডিচনিং সঁজুলি আৰু ট্ৰেন্সফৰ্মাৰ নিৰ্মাতা হিচাপে চাৰ্ভকনৰ স্থিতি অধিক শক্তিশালী কৰিলে। চিপিআৰআইৰ দ্বাৰা লাভ কৰা প্ৰমাণ-পত্ৰসমূহে চাৰ্ভ’কন চিষ্টেমছৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক আৰু অধিক গুৰুত্ব প্ৰদান কৰিলে, যিয়ে ক্ৰেতাৰ আস্থা বা বিশ্বাসত অৰিহণা যোগায়।

কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সংশোধিত বিতৰণ খণ্ড আঁচনি(ডিষ্ট্ৰিবিউচন ছেক্টৰ স্কিম)ৰ সৈতে সংগতি ৰাখি চাৰ্ভ’কনৰ চিপিআৰআই অনুমোদিত ৫ এমভিএ পাৱাৰ ট্ৰেন্সফৰ্মাৰে ভাৰতৰ শক্তিখণ্ডৰ দৃশ্যপটত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাবলৈ সাজু হৈছে। এই প্ৰকল্পই অৰ্থনৈতিক বিকাশ, পাৰিপাৰ্শ্বিক বহনক্ষমতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীৰ সংগতি ৰাখে, লগতে ভাৰতৰ শক্তি খণ্ডৰ বৃদ্ধি আৰু স্বাধীনতাৰ ১০০ বছৰীয়া শক্তিৰ স্বতন্ত্ৰতাৰ প্ৰচাৰ-প্ৰসাৰ কৰে।