জনজাতি সাংস্কৃতিক মহাসভাৰ আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান

149

জাগীৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৃতীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, আলোচনা চক্ৰৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাসভাৰ সম্পাদক  সূৰুয কুমাৰ পাতিৰিয়ে আঁত ধৰা সভাখন আৰম্ভ কৰা হয় তিৱা ভাষাত স্থানীয় শিল্পীসকলে পৰিবেশন কৰা এটি ভক্তিমূলক গীতেৰে।   অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মহাসভাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। মহাসভাৰ মুখ্য সম্পাদক বিপুল দেউৰীয়ে সভাৰ উদেশ্য ব্যাখ্যা কৰে। মহাসভাৰ ইতিপূৰ্বে ঘোষিত উদেশ্য আৰু কাৰ্যসূচীসমূহক সুসংগঠিত আৰু নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে প্ৰস্তুত কৰা এখন খচৰা সংবিধান কাৰ্যনিৰ্বাহকত বিস্তৃতভাৱে আলোচনা কৰাৰ  পিছত দুটি সামান্য সংশোধন ঘটাই সৰ্বসন্মতিক্ৰমে খচৰা সংবিধান খন গৃহীত হয়।

মহাসভাৰ এখন বিশেষ সাধাৰণ সভা অহা মাহৰ শেষ ভাগত অনুষ্ঠিত হ’ব।  কাৰ্যনিৰ্বাহক বসন্ত সোনোৱাল আৰু সোনোৱাল কছাৰী সমাজৰ প্ৰতিনিধিবৰ্গই পৰৱৰ্তী সভাখন ডিব্ৰুগড়ত পতা বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰস্তাৱ কৰাত কাৰ্যনিৰ্বাহকে পৰৱৰ্তী সাধাৰণ সভাখন ডিব্ৰুগড়ত পতা বাবে অনুমোদন জনায় আৰু এইক্ষেত্ৰত এখন অভ্যৰ্থনা সমিতি গঠন কৰাৰ বাবে বসন্ত সোনোৱালক আৰু মহাসভাৰ উপ সভাপতি ড০ পৱিত্ৰ কুমাৰ পেগুক দায়িত্ব অৰ্পণ কৰে।

মহাসভাৰ মুখ্য সম্পাদক বিপুল দেউৰীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰত কাছাৰৰ বৰ্মন কছাৰী সকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্ট সমূহৰ ওপৰত বক্তব্য ৰাখে খাৰিগাপচা দিব্যজ্যোতি বৰ্মনে, অসমৰ গাৰো সকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্ট সমূহৰ বিষয়ে বক্তব্য ৰাখে গাৰো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৰোজ চাংমা আৰু  অসমৰ কাৰবি সকলৰ সাংস্কৃতিক জীৱন, সমল আৰু বৈশিষ্ট সমূহৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰই।  আলোচনা চক্ৰৰ অন্তত অসম সৌৰভ নাদিৰাম দেউৰীৰ পৰিচালনাত এক অতি মনোমোহা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হয়।