গুৱাহাটীৰ পাৰ্শ্ববৰ্তী মেঘালয় সীমান্তবৰ্তী ৰাণীৰ বেলগুৰীত আজি বনকৰ্মীৰ দলে অভিযান চলাই চৰকাৰী মাটি অবৈধভাবে কাটি থকা অৱস্থাত এখন জে চি বি জব্দ কৰে। প্ৰাপ্ত খবৰ মতে জনৈক ধনমণি মহন্ত নামৰ এজন লোকে নিজৰ ম্যাদি পট্টাৰ ওচৰত থকা সংৰক্ষিত বনাঞ্চলৰ দাঁতিৰ চৰকাৰী মাটি জে চি বিৰ সহায়ত কাটি কিছুদিনৰ পৰা সেই মাটি ডাম্পাৰেৰে বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছিল।
এই বিষয়ে জানিব পাৰি ৰাণীৰ বনাঞ্চলিক বিষয়া ৰজী বৰ্মনে এটা বনকৰ্মীৰ দল দিনৰ ভাগত ঘটনাস্থলীত উপস্থিত হৈ মাটি কাটি থকা অৱস্থাত জে চি বিখন জব্দ কৰিবলৈ সক্ষম হয়। লক্ষণীয় বিষয়টো হল বনকৰ্মীৰ দলটোক দেখাৰ পাছতেই চালক আৰু তেওঁৰ অন্য এজন সংগী কৌশলৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । পাছত বনকৰ্মীৰ দলে অবৈধভাবে মাটি কটা জে চি বিখন জব্দ কৰি ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আনে।
