চিডপ্ৰকল্পই টেৰা ফিল্টাৰৰ সুৰক্ষিত খোৱা পানীৰ সমাধানৰ সৈতে সম্প্ৰদায়বোৰক ক্ষমতা প্ৰদান কৰে

514

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ পেটেণ্ট লাভ কৰা বৈপ্লৱিক উদ্ভাৱন টেৰা ফিল্টাৰ্ছে যিকোনো জৰুৰীকালীন পৰিস্থিতিত বিশেষকৈ বানপানীৰ সময়ত প্ৰাকৃতিক দুৰ্যোগে তচনচ কৰা অঞ্চলসমূহত আশাৰ ৰেঙণি হৈ থিয় দিছে। প্ৰাকৃতিক বিপৰ্যয় আৰু সংকটৰ সময়ত ১০০০ লিটাৰ পৰ্যন্ত বিশুদ্ধ-পৰিষ্কাৰ খোৱাপানী যোগান ধৰিব পৰাকৈ প্ৰস্তুত কৰা এই ফিল্টাৰসমূহ দূষিত পানীৰ উৎসৰ সৈতে যুঁজি থকা সম্প্ৰদায়সমূহৰ বাবে এক গুৰুত্বপূৰ্ণ জীৱনৰেখা হিচাপে আত্মপ্ৰকাশ কৰিছে। যেতিয়া মুষলধাৰ বৰষুণে বানপানীৰ সৃষ্টি কৰি বৰাক উপত্যকাত ধ্বংসলীলাৰ সৃষ্টি কৰিছিল সেই সময়তে চিডছ-চাচটেইনেবল এনভাৰোনমেণ্ট এণ্ড ইকলজিকেল ডেভলপমেণ্ট ছচায়িটীয়ে টেৰা ফিল্টাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি মমতাভৰা উদ্দেশ্য আৰু জনদৰদী কামৰ উদ্যোগ লৈছিল। বানপানীৰ ফলত বেথুকান্দি বান্ধ ছিঙি নিয়াৰ ফলত কাছাৰ জিলাৰ ভিতৰুৱা বেছিভাগ অঞ্চল জলমগ্ন হৈ পৰিছিল আৰু সমগ্ৰ বৰাক উপত্যকা ৰাজ্যখনৰ বাকী অংশৰ পৰা পৃথক হৈ পৰিছিল। চিডছে বৰাকৰ জনতাৰ দুখ-কষ্ট দূৰ কৰি স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ আৰু সমাজখন আগৰ দৰে ভালদৰে গঢ়ি তোলাত সহায় কৰিবলৈ আগবাঢ়িছিল। আশ্ৰয় ইণ্ডিয়া ফ্লাড ৰিলিফ প্ৰকল্পৰ জৰিয়তে চিডছে কেইবছৰমান পূৰ্বে বানপানীৰ পিছত জৰুৰীকালীন অৱস্থাত সাধাৰণ লোকসকলক বহনক্ষম হ’বলৈ সক্ষম কৰা প্ৰচেষ্টাৰ অংশ হিচাপে কাছাৰ জিলাৰ ৪টা পঞ্চায়তত ১০টা টেৰা ফিল্টাৰ প্ৰস্তুত কৰি উপকাৰ সাধিছিল। এই প্ৰচেষ্টাই ১,৫০০ পৰিয়ালক পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱা পানী যোগান ধৰিছিল।

এই বিষয়ে চিইডিৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক ড০ মনু গুপ্তাই কয় যে, “ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল হৈছে এক পৰিচিত জলবায়ু হট স্পট। বৰ্ধিত জলবায়ু পৰিঘটনা আৰু তীব্ৰতাই জীৱন আৰু জীৱিকাক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। চিডছ টীমটোৰ অসমত এক দশকধৰি বিভিন্ন কামৰ সৈতে জড়িত হৈ আছে, ইয়াৰ অংশ স্বৰূপে বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত নিৰ্মাণৰ কাম সম্প্ৰদায়সমূহৰ বহনক্ষমতা অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰিবলৈ যোৱা দুবছৰত কৌশলগতভাৱে কাম কৰি আহিছে।” বিশেষকৈ যিবোৰ অঞ্চলত পলস, জমা হৈ থকা বোকা, আইৰন আৰু পানীৰ পৰা সংক্ৰমিত অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত অথবা লেতেৰা হোৱা অঞ্চলসমূহত টেৰা ফিল্টাৰে এক গুৰুত্বপূৰ্ণ সম্পদ বা অংশীদাৰ হিচাপে কাম কৰে। ৫০০ এনটিইউ পৰ্যন্ত ঘোলা আৰু ১৫ পিপিএম পৰ্যন্ত আইৰনযুক্ত পানী পৰিশোধন কৰাৰ ক্ষমতা আছে টেৰা ফিল্টাৰৰ। ইয়াৰ জৰিয়তে অপৰিষ্কাৰ পানীৰ পৰা প্ৰায় ৯৯% ঘোলা, ৯৫-১০০% অণুজীৱ আৰু ৯০-৯৫% দ্ৰৱণীয় আইৰন, ৰং আৰু দুৰ্গন্ধ ফলপ্ৰসূভাৱে আঁতৰাই পেলাই পানী খোৱাৰ উপযোগী কৰি তোলে।

টেৰা ফিল্টাৰৰ বহুমুখী আৰু বিভিন্ন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ নিজৰ সৈতে খাপ খোৱা সামৰ্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্পষ্ট। ঘৰুৱা ব্যৱহাৰৰ বাবে ২০ আৰু ৩০ লিটাৰ ক্ষমতাসম্পন্ন ফিল্টাৰ উপলব্ধ আৰু ১-৪ এল পি এইচ (প্ৰতি ঘণ্টাত লিটাৰ)ৰ ভিতৰত পৰিশোধনৰ হাৰ। বৃহৎ জনসংখ্যাৰ বাবে সম্প্ৰদায় পৰ্যায়ৰ ফিল্টাৰসমূহ ১০০০ৰ পৰা ১০০,০০০ এলপিডি (প্ৰতিদিনে লিটাৰ)ৰ ভিতৰত থাকে। ইয়াৰ লগতে অনলাইন প্ৰেচাৰ ফিল্টাৰে ৬০ৰ পৰা ১০,০০০ এল পি এইচ ক্ষমতা প্ৰদান কৰে, যি অবিৰত জলযোগানৰ প্ৰয়োজনীয়তাৰ বাবে সঠিক। সুলভ আৰু সহজ টেৰা ফিল্টাৰসমূহে বিভিন্ন মানুহৰ বাবে খৰচ-বহনক্ষম সমাধানসমূহ উপস্থাপন কৰি আহিছে। চিপেট (চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজী) আৰু চিএছআইআৰ-আইএমএমটি (কাউঞ্চিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ-ইনষ্টিটিউট অৱ মিনাৰেলছ এণ্ড মেটেৰিয়েল টেকনলজী)ৰ জৰিয়তে উপলব্ধ ঘৰুৱা ফিল্টাৰৰ মূল্য ভেট আৰু পেকিংসহ ক্ৰমে প্ৰায় ৪৫০ আৰু ৩৮৫ টকা। অনলাইনত টেৰা ফিল্টাৰ ইউনিটৰ মূল্য ১০০০ টকা + ভেট, আনহাতে ১০০০ লিটাৰ/দিন উৎপাদন কৰিব পৰা ষ্টেণ্ড-এল’ন বিশুদ্ধকৰণ প্লাণ্টৰ কমিউনিটী পৰ্যায়ৰ ফিল্টাৰৰ নিৰ্মাণৰ মূল্য হৈছে ১০,০০০ টকা। চিডছৰ আশ্ৰয় ইণ্ডিয়া ফ্লাড ৰিলিফ প্ৰকল্পৰ জৰিয়তে প্ৰলয়ংকাৰী বানপানীৰ পিছত কাছাৰ জিলাত বন্যাৰ্তৰ পুনৰ সংস্থাপন আৰু আশা জাগ্ৰত কৰি নতুন জীৱন দান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ লগতে চিডছে জালালপুৰ আৰু কালাইন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ২০০গৰাকী আশা কৰ্মীৰ বাবে বিশেষ পৰিষ্কাৰ (পানী, অনাময় আৰু পৰিচ্ছন্নতা) প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে, বিশেষভাৱে অধিক পৰিমাণ আইৰণ থকা এলেকাত সুৰক্ষিত খোৱা পানীৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই পদক্ষেপ হাতত লোৱা হৈছে।