ভারতীয় সেনাই দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ‘শিলিগুৰি কৰিডৰ’ বা ‘চিকেনছ নেক’ক কেন্দ্ৰ কৰি এক অভেদ্য সুৰক্ষাবলয় গঢ়ি তুলিছে। ভারত-বাংলাদেশ সীমান্তৰ এক বৃহৎ অংশত সেনাই কাঁটাতাঁৰৰ নতুন বেৰ স্থাপন কৰিছে, যাৰ ভিতৰে ৭৫ শতাংশ এলেকাত এই কাম সম্পূৰ্ণ হৈছে। এই আধুনিক বেৰসমূহ শক্তিশালী নিৰীক্ষণ কেমেৰা আৰু উন্নত ‘এৰিয়া ডমিনেশ্বন’ ব্যৱস্থা সংযুক্ত কৰা হৈছে, ফলত সীমান্তত প্ৰতিটো গতিবিধি বি এছ এফৰ নজৰত ধৰা পৰিব। শিলিগুৰি কৰিড’ৰ এলেকাৰ নিৰাপত্তা ব্যৱস্থা আধুনিকীকৰণৰ কাম শেষৰ পৰা আৰম্ভ হৈছে। নতুন আৰ্হিৰ ১২ ফুট উচ্চতাৰ বেৰসমূহ নির্মাণ কৰা হৈছে যাতে সিঁচৰাব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ আভ্যন্তৰীণ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত সৰ্বোচ্চ সতৰ্কতা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, পশ্চিমবংগৰ ২,২১৭ কিলোমিটাৰ সীমান্ত এলেকাত নতুন বেৰ স্থাপন কৰা হৈছে। এই ব্যবস্থা সীমান্তত অনুপ্ৰৱেশ, চোৰাং চিকাৰ আৰু ওচৰচুবুৰীয়া দেশৰ অস্থিৰতাৰ প্ৰভাৱ ৰোধ কৰিবলৈ গ্ৰহণ কৰা হৈছে। সুৰক্ষাৰ ক্ষেত্ৰত ৩৬০ ডিগ্ৰী নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰে ৮,১৬০ কোটি টকা ব্যয় কৰি দুটা ‘এয়াৰ এডভান্সড মিছাইল চিষ্টেম’ আৰু ‘ভৈৰৱ বেটেলিয়ন’ মোতায়েন কৰিছে।
ৰাছিয়াৰ পৰা আমদানি কৰা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে চিকেনছ নেকৰ সুৰক্ষাক নতুন মাত্ৰা প্ৰদান কৰিছে। এই অত্যাধুনিক মিছাইল ব্যৱস্থাটো শত্রু দেশৰ আকাশীপথৰ আক্ৰমণ প্ৰতিহত কৰাত সক্ষম। এই পদক্ষেপসমূহ দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত গ্রহণ কৰা হৈছে আৰু সুৰক্ষা বিশেষজ্ঞসকলে আশা কৰিছে যে, ই উত্তৰ-পূৱৰ অঞ্চলৰ সংযোগস্থলক অধিক নিৰাপদ কৰিব।