ভুৱনেশ্বৰত দ্বিতীয় সংস্কৃতি কৰ্মগোট আৰম্ভ

129

ভাৰতৰ G20ৰ সভাপতিত্বত ১৪ মে’ৰ পৰা ১৭ মে’লৈ নিৰ্ধাৰিত দ্বিতীয় সংস্কৃতি কৰ্মগোটৰ বৈঠক ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হৈছে। বৈঠকত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী জি কিষান ৰেড্ডী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ভাষণ প্ৰদান কৰে। বৈঠকত CWGৰ অগ্ৰাধিকাৰ বিষয় আৰু G20 সাংস্কৃতিক মন্ত্ৰীৰ ঘোষণা পত্ৰৰ খচৰা প্ৰস্তুত আৰু চূড়ান্তকৰণৰ ওপৰত আলোচনা কৰা হয়।

এই বৈঠকত G20ৰ সদস্য, অতিথি ৰাষ্ট্ৰ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বৈঠকত সাংস্কৃতিক ৱৰ্কিং গ্ৰুপৰ অগ্ৰাধিকাৰৰ বিষয়বস্তুৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। য’ত প্ৰতিনিধিসকলে G20-এ অবৈধ সৰবৰাহ প্ৰতিৰোধৰ বাবে বিশ্বব্যাপী প্ৰতিশ্ৰুতি শক্তিশালী কৰিব পৰা আৰু সাংস্কৃতিক সম্পদ ঘূৰাই অনা আৰু পুনৰুদ্ধাৰৰ সুবিধা প্ৰদান কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত G20ৰ সাংস্কৃতিক মন্ত্ৰী ঘোষণাপত্ৰৰ খচৰা প্ৰস্তুত আৰু চূড়ান্তকৰণৰ সন্দৰ্ভতো আগুৱাই যোৱাৰ পথৰ বিষয়েও আলোচনা কৰা হয়।

বৈঠকৰ অন্তত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়কে ওড়িশা ক্ৰাফ্টছ মিউজিয়ামত ‘ছাষ্টেইন: দ্য ক্ৰাফ্ট ইডিয়ম’ শীৰ্ষক প্ৰদৰ্শনী উদ্বোধন কৰে। ইয়াৰ পূৰ্বে ১৪ মে’ত পদ্মশ্ৰী বঁটা প্ৰাপ্ত সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী বীচ্চত ‘কালচাৰ ইউনাইটছ অল(সংস্কৃতিয়ে সকলোকে একত্ৰিত কৰে)’ শীৰ্ষক বলুকাৰ মাজত অপূৰ্ব শিল্পকলা প্ৰদৰ্শন কৰে। এই অনুষ্ঠান উদ্বোধন কৰে সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু সাংস্কৃতিক আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। তৃতীয় সংস্কৃতি কৰ্মী গোটৰ বৈঠক খন ২০২৩ চনৰ ১৫-১৮ জুলাইত হাম্পিত অনুষ্ঠিত হ’ব আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক আগষ্টৰ শেষত বাৰাণসীত অনুষ্ঠিত হ’ব।