ছিগ্ৰামছ ৰয়েল ষ্টেগে নিজৰ নতুন অভিযানত ব্যৱহাৰ কৰিছে এআই

43

ছিগ্ৰামৰ ৰয়েল ষ্টেগে মুকলি কৰিছে এআই নেতৃত্বাধীন এক অভিনৱ অনুৰাগী অভিজ্ঞতা “এ বিলিয়ন ফিল্মছ ফৰ এ বিলিয়ন ফেনছ”, য’ত ভাৰতৰ তিনিগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰ ৰোহিত শৰ্মা, য়শপ্ৰীত বুমৰাহ আৰু সূৰ্য্য কুমাৰ যাদৱে অভিনয় কৰিছে। ক্ৰিকেটৰ সৈতে সম্পৰ্কিত জীৱনতকৈ ডাঙৰ আৱেগক ইন্ধন যোগোৱা এই অভিযানৰ লক্ষ্য হৈছে নতুন প্ৰজন্মৰ যুৱ ক্ৰিকেট অনুৰাগীক উজলাই তোলা, যাৰ বহুতেই প্ৰাপ্তবয়স্ক বয়সত ভাৰতত আয়োজিত প্ৰথম বিশ্বকাপৰ সাক্ষী হৈছে। ক্ৰিয়েটিভ এজেন্সীৰ অংশীদাৰ এফচিবি ইণ্ডিয়া, ডিজিটেল এজেন্সীৰ অংশীদাৰ ডেণ্টছু ইণ্ডিয়া, প্ৰযুক্তি পাৰ্টনাৰ আৰ্টিজেনছ ইভেণ্টছ আৰু এক্সপিৰিয়েন্সিয়েল চল্যুচনছ এণ্ড মিডিয়া পাৰ্টনাৰ ৱেভমেকাৰৰ সৈতে সহযোগিতাত ৰূপায়ণ কৰা এই অভিযানে অনুৰাগীসকলক নিজৰ সপোন জীয়াই ৰাখিবলৈ আৰু জীৱনক বহল ভিত্তিত তুলি ধৰিবলৈ সুযোগ প্ৰদান কৰে।

এই অভিযানত জেনেৰেটিভ এআই প্ৰযুক্তি আৰু মেচিন লাৰ্নিং ব্যৱহাৰ কৰি এনে এক প্লেটফৰ্ম তৈয়াৰ কৰিছে য’ত অনুৰাগীসকলক ৰয়েল ষ্টেগ লাইভ ইট লাৰ্জৰ তাৰকা অভিনেতাৰ অংশ হিচাপে নিজকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ফেচ-মিৰ’ৰিং এলগৰিদমে অনুৰাগীৰ অনন্য মুখৰ বৈশিষ্ট্যসমূহ মূল ফিল্মখনৰ চৰিত্ৰসমূহ অংকন কৰে আৰু ভইচ চেম্পল(কণ্ঠৰ নমুনা)বোৰে অনুৰাগীৰ কণ্ঠস্বৰ, লয় আৰু সূক্ষ্মতা অনুকৰণ কৰে। এক পাহৰিব নোৱাৰা অভিজ্ঞতা প্ৰদান কৰিবলৈ ডিজিটেল, প্ৰিণ্ট, ৰেডিঅ’ আৰু অ’অ’এইচত বিয়পি থকা এক হাই-ডেচিবেল ৩৬০ ডিগ্ৰী প্লেনৰ জৰিয়তে এই অভিযানক সম্প্ৰসাৰিত কৰা হ’ব।

এই বিষয়ে পেৰন’ড ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া কাৰ্তিক মহিন্দ্ৰাই কয় যে, “এই বছৰ আমি প্ৰতিজন অনুৰাগীক এই অনন্য এআই প্লেটফৰ্মৰ জৰিয়তে নিজৰ লাইভ ইট লাৰ্জ ষ্ট’ৰী তৈয়াৰ কৰাৰ ক্ষমতা প্ৰদান কৰিছোঁ, যিয়ে ব্ৰেণ্ডটোৰ সফলতাৰ যাত্ৰাৰ প্ৰতিটো মুহূৰ্তক  উপভোগ কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে একত্ৰিত কৰে।”