এছবিআই জেনেৰেল ইঞ্চুৰেন্সে মেঘালয়ত চকুৰ যত্নৰ বিশেষ প্ৰচেষ্টাৰে ন ৰূপ দিছে গ্ৰাম্য স্বাস্থ্যসেৱাক

5

মেঘালয়ৰ গ্ৰামাঞ্চলত চকুৰ যত্নৰ সুবিধা উন্নত-সুলভ কৰাৰ লক্ষ্যৰে এছ বি আই জেনেৰেল ইঞ্চুৰেন্সে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত ৰোগী পৰিবহন বাছৰ বাবে অনুদান আৰু ২৮টা সাম্প্ৰদায়িক চকু পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হৈছে, য’ত দুৰ্গম অঞ্চলৰ প্ৰায় ২০০০ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাৰ লক্ষ্য ৰখা হৈছে। এই পদক্ষেপে স্থানীয় লোকসকলৰ বিশেষকৈ মহিলাসকলে সন্মুখীন হোৱা স্বাস্থ্যসেৱাৰ সুলভতাৰ উল্লেখযোগ্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰে, প্ৰধানকৈ যিসকলে পৰিবহনৰ সমস্যাৰ বাবে চিকিৎসা কৰিবলৈ প্ৰায়ে দ্বিধাবোধ কৰে।

মিছন ফৰ ভিজন আৰু ছচায়িটী ফৰ প্ৰমোচন অৱ আই কেয়াৰ এণ্ড চাইট(স্পেক্স)ৰ সহযোগত নতুনকৈ মুকলি কৰা ৰোগী পৰিবহন বাছে ৰোগীসকলৰ বাবে শ্বিলঙৰ স্পেক্সৰ নেত্ৰ হাস্পতাললৈ যাত্ৰা সহজ কৰি তুলিব। এই গুৰুত্বপূৰ্ণ পদক্ষেুপৰ উদ্দেশ্য হৈছে গ্ৰাম্য পৰিয়ালবোৰক প্ৰয়োজনীয় চিকিৎসা সহায় আৰু নিৰ্ভৰযোগ্য পৰিবহন বিকল্প প্ৰদান কৰি ৰোগীৰ ওপৰত বোজা হ্ৰাস কৰা।

এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ ব্ৰেণ্ড মাৰ্কেটিং তথা চিএছআৰ বিভাগৰ মুৰব্বী ৰথিন লাহিড়ীয়ে এই বিষয়ে কয় যে, “স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাটো এক মৌলিক অধিকাৰ, বিশেষাধিকাৰ নহয়।” ৰথিন লাহিড়ীয়ে লগতে গুৰুত্ব আৰোপ কৰি কয় যে এই পদক্ষেপে মানুহক নিজৰ নিজৰ স্বাস্থ্যৰ দায়িত্ব-যতন ল’বলৈ সামৰ্থ্য প্ৰদান কৰিব৷ শেহতীয়া পদক্ষেপে স্থানীয় স্বাস্থ্য সেৱা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোলৈ ৰোগীৰ প্ৰবাহ বৃদ্ধি কৰি অৰ্থনৈতিক কাৰ্যকলাপ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে, যাৰ ফলত স্বাস্থ্যসেৱা খণ্ড আৰু স্থানীয় ব্যৱসায় দুয়োটাই সমানে লাভান্বিত হ’ব৷