এছবিআই জেনেৰেল ইঞ্চুৰেন্সে সাধাৰণ লোকসকলক নতুন ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচীৰে কৰি তুলিছে সবলীকৰণ

80

সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুস্থতাক অগ্ৰাধিকাৰ দিয়া পদক্ষেপৰূপে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচী আৰম্ভ কৰিছে। এই অভিনৱ স্বাস্থ্য বীমা সমাধান ক্ৰমান্বয়ে বৃদ্ধি পোৱা চিকিৎসা খৰচৰ মাজত নিজৰ বৰ্তমানৰ কভাৰেজ বৃদ্ধি কৰিব বিচৰা ব্যক্তিসকলক অতিৰিক্ত সহায় আগবঢ়াবলৈ প্ৰস্তুত কৰা হৈছে, যি শেহতীয়া বছৰবোৰত প্ৰায় ১৪% হাৰত বৃদ্ধি পাইছে।

‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচীয়ে এক আকৰ্ষণীয় পৰিসৰৰ কভাৰেজ প্ৰদান কৰে, য’ত ৫ লাখ টকাৰ পৰা ৪ কোটি টকালৈকে ৰাশিৰ বীমা বিকল্প আছে। এই পলিচী কেৱল আৰ্থিক সুৰক্ষাৰ জাল সৃষ্টি কৰাই নহয় বৰঞ্চ অপ্ৰত্যাশিত চিকিৎসা ব্যয়ৰ সৈতে যুঁজি থকা পৰিয়ালসমূহৰ বাবে এক আশীৰ্বাদ অথবা জীৱনৰেখা। কভাৰেজৰ সীমাহীন পুনৰুদ্ধাৰ আৰু ক্লেই কৰাৰৰ পিছতো অক্ষত অৱস্থাত থকা ক্ৰমবৰ্ধমান বানচৰ দৰে বৈশিষ্ট্যসমূহে পলিচীধাৰীসকলক মানসিক শান্তি প্ৰদান কৰে।

সমগ্ৰ অসমতে স্বাস্থ্যসেৱাৰ ব্যয় সাধাৰণ পৰিয়ালৰ বাবে এক উদ্বেগৰ বিষয়, সেয়েহে এই পলিচী বিশেষভাৱে প্ৰাসংগিক। আৱাসীসকলে নিজৰ অনন্য প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা নিৰ্ভৰযোগ্য বীমা সমাধানৰ অন্বেষণ কৰি আছে, যাৰ ফলত চুপাৰ টপ-আপ ৰূপে বিবেচনা কৰি স্বাস্থ্য সুৰক্ষিত কৰা বিষয়টো এক অত্যাৱশ্যকীয় সম্পদ হৈ পৰিছে। কম বয়সীয়া ব্যক্তিৰ বাবে ৩,৩৭৭ টকাৰ পৰা আৰম্ভ হোৱা প্ৰিমিয়ামে নিশ্চিত কৰে যে আৰ্থিক সুৰক্ষা হাতৰ মুঠিত আছে। এছবিআই জেনেৰেলৰ মুখ্য সামগ্ৰী আৰু বিপণন বিষয়া সুব্ৰমনিয়ম ব্ৰহ্মজোছিউলাই এই বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, “আমি গ্ৰাহকসকলক নিজৰ নিজৰ বিকশিত প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা সুলভ আৰু কাৰ্যকৰী স্বাস্থ্য কভাৰেজ প্ৰদান কৰিবলৈ প্ৰতি মুহূৰ্ততে প্ৰতিশ্ৰুতিবদ্ধ।”