চৌদি আৰৱে আয়োজন কৰিব প্ৰথম ই-স্পৰ্টছঅলিম্পিক গেমছ

389

আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বিশ্বব্যাপী ই-ক্ৰীড়াৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰথম ই-স্পৰ্টছ অলিম্পিক গেমছ আয়োজন কৰিবলৈ চৌদি আৰৱৰ ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সৈতে অংশীদাৰীত্ব কৰিছে। ইয়াৰ পূৰ্বে, অলিম্পিক কাৰ্যবাহী পৰিষদে ই-স্পৰ্টছ অলিম্পিক গেমছ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছিল, যাৰ পিছত আইঅচিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

 ইউএনআইভি স্পোৰ্টটেকৰ প্ৰতিষ্ঠাপক আৰু এফইএআই (ফেডাৰেচন অফ ইস্পোৰ্টছ এছ’চিয়েচনইণ্ডিয়া)ৰ প্ৰতিষ্ঠাপক সদস্য অভিষেক ইছাৰে কয়-এতিয়া প্ৰতিখন দেশে ই-স্পৰ্টছক অলিম্পিক পদক জিকাৰ সুযোগ হিচাপে চাব। এই উদ্যোগটোৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

ভাৰত এই ক্ষেত্ৰত দ্ৰুত বিকাশত সক্ষম। ই-স্পৰ্টছ শ্ৰেণীৰ খেলুৱৈসকল ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত চাৰিগুণ বৃদ্ধি পাইছে (১,৫০,০০০ ৰ পৰা ৬,০০,০০০ লৈ) আৰু ভৱিষ্যতৰ অনুমান অনুসৰি ২০২৭ চনৰ শেষলৈ এই সংখ্যা ১৫,০০,০০০ ত উপনীত হ’ব।