ছত্তীশগড়ক নক্সালমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত বৃহৎ সফলতা অৰ্জন কৰিছে ডিআৰজিৰ জোৱানসকলে। নক্সালবাদীৰ শীৰ্ষ কামাণ্ডাৰক ঘেৰি ধৰিছে জোৱানে আৰু অব্যাহত আছে এনকাউণ্টাৰ। এই সংঘৰ্ষত ২৬ জন নক্সালবাদী নিহত হোৱাৰ লগতে এজন সৈনিক শ্বহীদ হয়।নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ আৰু কোণ্ডাগাঁৱৰ ডিআৰজি জোৱান আৰু ইয়াত জিলা পৰ্যায়ৰ নিৰাপত্তা বাহিনীৰ দলে নক্সালৰ শীৰ্ষ কামাণ্ডাৰক ঘেৰি ৰাখিছে। এই এনকাউণ্টাৰত প্ৰায় ২৬ জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। অব্যাহত আছে ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ।
