চেমচাঙে গেলেক্সি এ০৫, এ৫৪ ৫জি, এ৩৪ ৫জিত আগবঢ়াইছে আকৰ্ষণীয় অফাৰ

451

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে বহুজনপ্ৰিয় গেলেক্সি এ০৫, এ৫৪ ৫জি আৰু গেলেক্সি এ৩৪ ৫জি স্মাৰ্টফোনত আকৰ্ষণীয় অফাৰ প্ৰদান কৰিছে। গেলেক্সি এ০৫এছ এতিয়া ইনষ্টেণ্ট ২,০০০ টকা ৰেহাই মূল্যত উপলব্ধ, ফলত মোবাইল দুটাৰ দাম ১৩,৪৯৯ টকা আৰু ১৪,৯৯৯ টকালৈ হ্ৰাস পায়। কোৱালকম স্নেপড্ৰেগন ৬৮০ৰ দ্বাৰা চালিত এই মোবাইলত ৬.৭১” ফুল এইচডি+ ৯০হাৰ্জ ডিচপ্লে আছে, যি নিৰৱচ্ছিন্ন মাল্টিটাস্কিং আৰু ইমৰ্চিভ দৰ্শনৰ বাবে উপযুক্ত।

গেলেক্সি এ০৫এছত ৫০ মেগাপিক্সেল মেইন শ্বুটাৰ, ২৫ ৱাট চুপাৰ-ফাষ্ট চাৰ্জিঙৰ লগতে ৪ বছৰৰ চিকিউৰিটী আপডেট আৰু ২ জেনেৰেচনৰ অ’এছ আপগ্ৰেড আৰু ৫০০০ এমএএইচ বেটাৰী প্ৰদান কৰা হৈছে, যাৰ ফলত এই মোবাইল হৈ পৰিছে ৰিটেইল ষ্ট’ৰ আৰু অনলাইনত উপলব্ধ এক বহুমুখী ডিভাইচ।

এতিয়া গেলেক্সি এ৩৪ ৫জি আৰু গেলেক্সি এ৫৪ ৫জি ক্ৰমে ২৫,৯৯৯ আৰু ৩৩,৪৯৯ টকাতে ক্ৰয় কৰিব পাৰিব, এক্সিছ বেংক কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে আছে ৩,৫০০ আৰু ১,৫০০ টকাৰ কেছবেক। এই ডিভাইচসমূহ শক্তিশালী হোৱাৰ লগতে আইপি৬৭ ৰেটিং আৰু ৩০ মিনিটৰ বাবে ১ মিটাৰ সতেজ পানী আৰু ধূলিও সহ্য কৰিব পাৰে। ইয়াত ৫০মেগাপিক্সেল অ’আইএছ প্ৰাইমেৰী লেন্স আৰু এ৫৪ আৰু এ৩৪ত ৪৮ মেগাপিক্সেলৰ সৈতে শক্তিশালী কেমেৰাৰ লগতে ৫ মেগাপিক্সেল মেক্ৰ’ লেন্স আছে। এই নতুন মোবাইলসমূহত ৫,০০০ এমএএইচ বেটাৰীও আছে আৰু ইয়াত চেমচাং ৱালেট, ভইচ ফ’কাছ আৰু ডুৱেল ডলবি-ইঞ্জিনিয়াৰড ষ্টেৰিঅ’ স্পীকাৰৰ দৰে সুবিধা প্ৰদান কৰে।