চেমচাঙে ১০ জুলাইত মুকলি কৰিব অত্যাধুনিক গেলেক্সি এআই, ফল্ডেবল ফোন

78

অহা ১০ জুলাইত আয়োজন কৰা গ্লবেল উদ্বোধনী অনুষ্ঠানত চেমচাঙে পৰৱৰ্তী প্ৰজন্মৰ গেলেক্সি জেড স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰাৰ বাবে সাজু হৈছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজন কৰা হ’ব গেলেক্সি আনপেকড ইভেণ্ট — ঐতিহ্যমণ্ডিত সাংস্কৃতিক পৰিৱেশ আৰু ট্ৰেণ্ডৰ অভিকেন্দ্ৰ এই চহৰখন আমাৰ শেহতীয়া অত্যাধুনিক উদ্ভাৱনসমূহ মুকলিৰ বাবে আমাৰ দৃষ্টিভংগীৰে নিখুঁত পটভূমি, চেমচাঙে এক বিবৃতিত এইদৰে কয়।

গেলেক্সি এআইয়ে নতুন ফেজত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। শেহতীয়া গেলেক্সি জেড ছিৰিজ আৰু সমগ্ৰ গেলেক্সি ইক’চিষ্টেমৰ সৈতে একত্ৰিত হৈ সম্ভাৱনাৰ এক বিশাল জগত আৰু মোবাইল এআইত নতুন সীমাৰেখা আঁকিবলৈ সক্ষম হৈছে। গ্লবেল আনপেকডৰ বাবে সকলোকে চেমচাঙে আদৰণি জনোৱাৰ পূৰ্বে এগৰাকী শীৰ্ষ কাৰ্যবাহীয়ে উল্লেখ কৰিছে যে, চেমচাঙে ভাঁজ কৰিব পৰা(ফল্ডেবল) ডিভাইচসমূহৰ বাবে গেলেক্সি এআই অভিজ্ঞতাক অনুকূল কৰি সম্পূৰ্ণ নতুন আৰু অনন্য এআই অভিজ্ঞতা প্ৰদান কৰিব।

চেমচাং ইলেক্ট্ৰনিক্সৰ মোবাইল আৰ এণ্ড ডিৰ ইভিপি আৰু মুৰব্বী ৱন-জুন চুইয়ে এই বিষয়ে কয় যে, “আমাৰ ফল্ডেবল ফোনসমূহ চেমচাং গেলেক্সিৰ সবাতোকৈ বহুমুখী আৰু নমনীয় ফৰ্ম ফেক্টৰ। নতুন ফল্ডেবল ফোনসমূহ গেলেক্সি এআইৰ সৈতে সংযুক্ত হোৱাৰ লগে লগে এই দুটা পৰিপূৰক প্ৰযুক্তিয়ে একেলগে নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিব”।