দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে মোবাইল এআইৰ সাৰ্বজনীনকৰণ বা বহুল ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা গেলেক্সি এআই সুবিধাসমূহ অধিক আৰু বিস্তৃত গেলেক্সি ফ্লেগশ্বিপ ডিভাইচত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আজিৰে পৰা আৰম্ভ হৈছে এই সেৱাসমূহ আৰু এতিয়াৰে পৰা গেলেক্সি এছ২৩ শৃংখলা, এছ২৩ এফই, জেড ফ’ল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ৯ ছিৰিজত উপলব্ধ হ’ব। শেহতীয়াকৈ মুকলি কৰা গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে সমসাময়িকভাৱে উন্নীত ব্যৱস্থাই ব্যৱহাৰকাৰীৰ মোবাইল এআই অভিজ্ঞতাৰ মানদণ্ড উন্নত কৰিব।
গেলেক্সি এছ ২৩ ছিৰিজ, এছ২৩ এফই, জেড ফল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ ৯ ছিৰিজকে ধৰি বিভিন্ন গেলেক্সি মডেল ব্যৱহাৰকাৰীসকলৰ বাবে এতিয়া গেলাক্সি এআইৰ সুবিধাসমূহ উপলব্ধ। এই বৈশিষ্ট্যসমূহৰ ভিতৰত আছে চাৰ্কল টু চাৰ্চ, লাইভ ট্ৰেন্সলেট আৰু নোট এচিষ্ট, যিয়ে গ্ৰাহকসকলৰ অভিজ্ঞতা আৰু দৈনন্দিন কামত দক্ষতা আৰু সুবিধা বৃদ্ধি কৰে। গুগলৰ জৰিয়তে সন্ধান বা চাৰ্চ কৰিবলৈ গুগল চাৰ্কলে ইমেজ হাইলাইট বা টেপ কৰি উন্নত মানৰ চাৰ্চ ৰিজাল্ট(সন্ধান ফলাফল) প্ৰদান কৰে। লাইভ ট্ৰেন্সলেটে ফোন কলৰ বাস্তৱ সময়ৰ অনুবাদ কৰাৰ ফলত ৰিজাৰ্ভচন বুকিং বা ককা-আইতাকৰ সৈতে আড্ডা দিয়া বা বাৰ্তালাপ সহজ হৈ পৰে।
নোট এচিষ্টে(টোকা সহায়ক) এআই-প্ৰস্তুত সাৰাংশ, টেমপ্লেট আৰু কভাৰ পৃষ্ঠা সৃষ্টি কৰে, আনহাতে নোট এচিষ্টে কথোপকথন টোনৰ বাবে প্ৰসংগ-সচেতন(কনটেক্সট-এৱেৰ) পৰামৰ্শ প্ৰদান কৰে। দোভাষী(ইণ্টাৰপ্ৰিটৰ)য়ে লাইভ কথোপকথনসমূহ তৎক্ষণাত অনুবাদ কৰিবলৈ এক স্প্লীট-স্ক্ৰীন(বিভক্ত-পৰ্দা) দৃশ্য ব্যৱহাৰ কৰে, আনহাতে ট্ৰান্সক্ৰিপ্ট এচিষ্টে লিপিবদ্ধ, সাৰাংশ আৰু অনুবাদ কৰা ভইচ ৰেকৰ্ডিঙৰ বাবে এআই আৰু স্পিচ-টু-টেক্সট প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাহকক সুবিধা কৰি দিয়ে।