আইআইটি কানপুৰৰ সৈতে নয়ডাস্থিত চেমচাং আৰ এণ্ড ডি ইনষ্টিটিউটৰ বুজাবুজি চুক্তি স্বাক্ষৰ

374

নয়ডাস্থিত চেমচাং আৰএণ্ডডি ইনষ্টিটিউটে(এছআৰআই-নয়ডা) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ(আইআইটিকে)ৰ সৈতে ৫ বছৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে যাতে প্ৰধান বিকাশ-অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় য’ত আইআইটি কানপুৰৰ শিক্ষাৰ্থী, অধ্যাপক আৰু চেমচাঙৰ অভিযন্তাসকলৰ যুটীয়া গৱেষণা প্ৰকল্প অন্তৰ্ভুক্ত থাকিব, যাৰ ফলত শিক্ষাৰ্থীসকল উদ্যোগৰ বাবে সাজু-প্ৰস্তুত হ’ব। এই গৱেষণা প্ৰকল্পসমূহে স্বাস্থ্য, ভিজুৱেল, ফ্ৰেমৱৰ্ক আৰু বি২বি সুৰক্ষা আৰু জেনেৰেটিভ এআই আৰু ক্লাউডৰ দৰে অত্যাধুনিক প্ৰযুক্তি ক্ষেত্ৰসমূহ সামৰি ল’ব।

এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে গৱেষণা প্ৰকল্পৰ উপৰিও এআই আৰু ক্লাউডৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ক্ষেত্ৰত চেমচাঙৰ অভিযন্তাসকলৰ দক্ষতা বৃদ্ধি কৰা। এই বুজাবুজিৰ চুক্তিত এছআৰআই-নয়ডাৰ পৰিচালনা সঞ্চালক কিয়ংগুন ৰু, আইআইটি কানপুৰৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ ডিন অধ্যাপক তৰুণ গুপ্তা আৰু কেইবাজনো জ্যেষ্ঠ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰে। এই বিষয়ে এছআৰআই-নয়ডাৰ পৰিচালনা সঞ্চালক কিয়ংয়ুন ৰুৱে কয় যে, “আমি ধাৰণা, জ্ঞান আৰু প্ৰতিভাৰ এক গতিশীল আদান-প্ৰদানৰ বাবে অপেক্ষা কৰি আছো, যিয়ে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু চেমচাং আৰু আইআইটি কানপুৰ দুয়োটা প্ৰতিষ্ঠানৰে বিকাশত অৰিহণা যোগাব।”

আইআইটি কানপুৰৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলে বাস্তৱ জগতৰ উদ্যোগৰ প্ৰত্যাহ্বান, ডিজিটেল ইণ্ডিয়া সমাধানৰ ক্ষেত্ৰত সহযোগিতা কৰিব আৰু যুটীয়া গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ চেমচাঙৰ অভিযন্তাসকলৰ সৈতে সহযোগিতা কৰিব, যাতে ক্ৰমবৰ্ধমান বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখে আৰু বাস্তৱ-বিশ্বৰ উদ্যোগৰ প্ৰত্যাহ্বানৰ দিশত কাম কৰিব পাৰে।