দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে কেইবাটাও ছেগমেণ্ট-লিডিং(খণ্ড-আগশাৰী) সুবিধাৰ সৈতে দুটা আকৰ্ষণীয় ডিভাইচ গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বহুল জনপ্ৰিয় গেলেক্সি এম শৃংখলাৰ শেহতীয়া সংযোজনে ব্যৱহাৰকাৰীসকলক চুপাৰ এম’ল প্লাছ ডিচপ্লে, মনষ্টাৰ বেটাৰী আৰু শক্তিশালী প্ৰচেছৰৰ সৈতে এক উৎকৃষ্ট স্মাৰ্টফোন অভিজ্ঞতা প্ৰদান কৰিছে।
গেলেক্সি এম৫৫ ৫জি আৰু এম১৫ ৫জি দুয়োটা মোবাইল ফোনেই হৈছে চিকচিকিয়া আৰু পাতল ডিভাইচ, ইয়াত আইকনিক গেলাক্সি চিগনেচাৰ ডিজাইন আছে। এম৫৫ ৫জি লাইট গ্ৰীন আৰু ডেনিম ব্লেক ৰঙত উপলব্ধ হ’ব। ইয়াৰ বিপৰীতে এম১৫ ৫জি চেলেষ্টিয়েল ব্লু, ষ্টোন গ্ৰে আৰু ব্লু টপাজ ৰঙত উপলব্ধ। এম১৫ ৫জি ৪এনএমভিত্তিক কোৱালকম স্নেপড্ৰেগন ৭ জেন১ প্ৰচেছৰৰ দ্বাৰা চালিত, যিয়ে মাল্টিটাস্কিঙৰ বাবে দ্ৰুত আৰু কাৰ্যক্ষম পৰিৱেশন বা সেৱা প্ৰদান কৰে।
ইয়াৰ লগতে ইয়াত উচ্চমানৰ অডিঅ’ আৰু ভিজুৱেল প্ৰদান কৰা হয়, যাৰ ফলত এক মনষ্টাৰ মোবাইল গেমিং অভিজ্ঞতা নিশ্চিত হয়। এম১৫ ৫জি মিডিয়া টেক ডাইমেনচিটী ৬১০০+ৰ দ্বাৰা চালিত, যাৰ ফলত মসৃণ ষ্ট্ৰীমিং আৰু নিৰৱচ্ছিন্ন ব্ৰাউজিঙৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। এম৫৫ ৫জিত বৰ্ধিত ব্ৰাউজিং, গেমিং আৰু বিঞ্জ ৱাশ্বিং চেচনৰ বাবে ৫০০০ এমএএইছ বেটাৰী প্ৰদান কৰিছে, আনহাতে এম১৫ ৫জিত দুদিনপৰ্যন্ত ৬০০০ এমএইইছ বেটাৰী ক্ষমতা প্ৰদান কৰিছে। এই বিষয়ে চেমচাং ইণ্ডিয়াৰ এমএক্স ডিভিজনৰ উপাধ্যক্ষ আদিত্য বাব্বৰে কয় যে, “চেমচাঙৰ দৰ্শনক সঁচা অৰ্থত আমি প্ৰতিফলিত কৰি নতুন গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জিৰ সৈতে উদ্ভাৱনৰ সীমা অতিক্ৰম কৰি দুটা আকৰ্ষণীয় ডিভাইচ মুকলি কৰিছোঁ, যি দুটা ফোনে যুৱ এমজেড গ্ৰাহকসকলৰ অসীম আৱেগক শক্তি প্ৰদান কৰিবলৈ সাজু হৈছে।”