ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে গ্ৰাহকসকলক লোভনীয় অফাৰ আৰু আকৰ্ষণীয় কেছবেক প্ৰদান কৰাৰ বাবে মুকলি কৰিছে ‘দ্য ফিউচাৰ ফেষ্ট’। এই দ্য ফিউচাৰ ফেষ্টৰ অধীনত প্ৰিমিয়াম নিঅ’ কিউএলইডি, অ’এলইডি, কিউএলইডি আৰু ৪কে ইউএইচডি টিভি মডেলৰ লগতে গেলেক্সি এছ২৩ আল্ট্ৰা স্মাৰ্টফোন, চেৰিফ টিভি আৰু চাউণ্ডবাৰ আদিৰ দৰে সামগ্ৰীত একচেটিয়া উপহাৰ লাভ কৰিব। এই গণৰাজ্য দিৱসত ডলবি এটমছ, নিউৰেল এআই কোৱাণ্টাম প্ৰচেছৰ আৰু এআই আপস্কেলিঙৰ লগতে চিনেমেটিক দৃশ্য-শ্ৰাব্য অভিজ্ঞতাক ভৱিষ্যতৰ দিনলৈ উন্নীত কৰাৰ বাবে ফিউচাৰ ফেষ্ট’ হৈছে এক উৎকৃষ্ট সুযোগ।
২০২৪ৰ ৩১ জানুৱাৰীৰ পৰা গ্ৰাহকে ১,২৪,৯৯৯ টকাৰ গেলেক্সি এছ২৩ আল্ট্ৰা, ৬৯,৯৯০ টকাৰ ৫০ ইঞ্চিৰ কিউএলইডি ৪কে দ্য চেৰিফ টিভি আৰু ৱায়াৰলেছ চাউণ্ড বাৰযুক্ত ৩৭,৯৯০ টকা পৰ্যন্ত মূল্যৰ বিগ স্ক্ৰীন টেলিভিছন ক্ৰয় কৰিলে বিনামূলীয়া উপহাৰ লাভ কৰিব পাৰিব। গ্ৰাহকসকলে নিৰ্বাচিত ৮৫ ইঞ্চি আৰু ৭৫ ইঞ্চিৰ নিঅ’ কিউএলইডি টিভিৰ বাবে ৬৯,৯৯০ মূল্যৰ বিনামূলীয়া ৫০ ইঞ্চিৰ কিউএলইডি ৪কে দ্য চেৰিফ টিভি আৰু নিৰ্বাচিত ৬৫ আৰু ৫৫ ইঞ্চিৰ অ’লেড আৰু কিউএলইডি ৪কে টিভিৰ বাবে ১৫,৯৯০ টকাৰ বিনামূলীয়া চেমচাং চাউণ্ডবাৰ লাভ কৰিব পাৰিব।
আনহাতে, চেমচাঙে এক্সিছ বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীলৈ ২০% পৰ্যন্ত কেছবেক আৰু ১০% অতিৰিক্ত কেছবেক একচেটিয়াভাৱে প্ৰদান কৰে। এই আকৰ্ষণীয় অফাৰৰ বিষয়ে চেমচাং ইণ্ডিয়াৰ ভিজুৱেল ডিছপ্লে বিজনেছৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট মোহনদীপ সিঙে কয় যে, “ফিউচাৰ ফেষ্টৰ লেনদেন আৰু অফাৰসমূহে গ্ৰাহকসকলক নিজৰ টিভিসমূহ ভৱিষ্যতৰ বাবে সাজু সামগ্ৰীলৈ উন্নীত কৰাৰ সুযোগ প্ৰদান কৰিছে।”