চেমচাঙে মেগা অফাৰ প্ৰদানেৰে আৰম্ভ কৰিছে গ্ৰেণ্ড ৰিপাব্লিক ডে’ চেল

519

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে জনপ্ৰিয় আৰু শেহতীয়া চেমচাং সামগ্ৰী যেনে গেলেলাক্সি স্মাৰ্টফোন, লেপটপ, টেবলেট, ৱেয়াৰেবল, চেমচাং টিভি আৰু অন্যান্য ডিজিটেল সঁজুলিমূহত গ্ৰেণ্ড ৰিপাব্লিক ডে’ চেলৰ জৰিয়তে কেছবেক আৰু বাম্পাৰ অফাৰ আগবঢ়াইছে। এই অফাৰবোৰ Samsung.com, চেমচাং শ্বপ এপ আৰু চেমচাং এক্সক্লুছিভ ষ্ট’ৰত উপলব্ধ হ’ব।

গ্ৰাহকসকলে এইচডিএফচি বেংক, আইচিআইচিআই বেংক, এক্সিছ বেংক আৰু অন্যান্য আগশাৰীৰ বেংক ডেবিট আৰু ক্ৰেডিট কাৰ্ডত ২২.৫%লৈকে কেছবেক (২৫,০০০ টকালৈকে) লাভ কৰিব। চেমচাঙে নিৰ্বাচিত গেলেক্সি এ, এম, এফ, এছ আৰু ফ্লেগশ্বিপ মডেলসমূহৰ বাবে বোনাঞ্জা চেলৰ লগতে শেহতীয়া গেলেক্সি এছ ২৪ ছিৰিজৰ স্মাৰ্টফোনৰ প্ৰি-বুকিং মুকলি কৰিছে। গ্ৰেণ্ড ৰিপাব্লিক ডে’ চেলত গেলেক্সি এছ২৩ মোবাইল ৫৪,৯৯৯ টকাত উপলব্ধ হোৱাৰ বিপৰীতে গেলেক্সি বুক গ’, বুক৩ আৰু বুক ৩ প্ৰ’ৰ দৰে লেপটপ ৪৬%লৈকে ৰেহাই মূল্যত উপলব্ধ। টেবলেট, ৱেয়াৰেবল আৰু আনুষংগিক সামগ্ৰীও ৫০% ৰেহাই মূল্যত পাব গ্ৰাহকে।

চেমচাং টেলিভিছনত ৪৮% পৰ্যন্ত ৰেহাই প্ৰদান কৰা হৈছে আৰু লগতে অতিৰিক্ত এক্সেঞ্জ লাভালাভ ৰূপে ১৫,২৫০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰে। চেমচাঙৰ ডিজিটেল এপ্লায়েন্স যেনে ফ্ৰীজৰ ক্ষেত্ৰত ৫২% পৰ্যন্ত ৰেহাই আৰু ১৫,১২৫ টকা পৰ্যন্ত এক্সেঞ্জ বেনিফিট প্ৰদান কৰিছে।