চেমচাং এছএছডি ৯৯০ ইভিঅ’

349

চেমচাঙে মুকলি কৰিলে নিজৰ শেহতীয়া এছএছডি ৯৯০ ইভিঅ’, যি হৈছে দৈনন্দিন গেমিং, ব্যৱসায় আৰু সৃষ্টিশীল কাম-কাজৰ বাবে ডিজাইন কৰা এক উচ্চ-কাৰ্যক্ষম, শক্তি-দক্ষ আভ্যন্তৰীণ ষ্টোৰেজ ডিভাইচ। এছএছডি ৯৯০ ইভিঅ’ত উন্নত পৰিৱেশন, শক্তি দক্ষতা আৰু আন্তঃপৃষ্ঠ নমনীয়তা(ইণ্টাৰফেচ ফ্লেক্সিবিলিটী) প্ৰদান কৰে, য’ত ৫,০০০এমবি/ছেকেণ্ডলৈকে ক্ৰমিক পঢ়িব পৰা স্পীড আৰু ৪,২০০ এমবি/ছেকেণ্ডলৈকে লিখাৰ গতি প্ৰদান কৰে।

ই পূৰ্বৰ মডেলৰ উন্নীতকৰণ মডেল হিচাপে ৪৩% পৰ্যন্ত উন্নত পৰিৱেশন আৰু ৭০%লৈকে শক্তিৰ কাৰ্যক্ষমতা প্ৰদান কৰে। এনভিএমই এছএছডিয়ে বিভিন্ন ব্যৱহাৰকাৰীৰ বাবে এক আদৰ্শ সমাধান হ’ব বুলি আশা কৰিছে চেমচাঙে, যি ৫,০০০ এমবি/ছেকেণ্ড লৈকে আৰু ৪,২০০ এমবি/ছেকেণ্ডলৈকে ক্ৰমিক পঢ়া/লিখাৰ গতি প্ৰদান কৰে।

চেমচাঙৰ লক্ষ্য হৈছে উন্নত মেম’ৰী প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰি গ্ৰাহকৰ ডাটা সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে এক বহুমুখী, উচ্চ-কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য সমাধান প্ৰদান কৰা। এছএছডি ৯৯০ ইভিঅ’ হৈছে এক শক্তি-দক্ষ, উৎকৃষ্ট প্ৰদৰ্শক, যি হৈছে গ্ৰাহকৰ ব্যৱসায় আৰু সৃষ্টিশীল প্ৰচেষ্টাৰ বাবে কম্পিউটিঙৰ ভৱিষ্যৎ নিৰ্ণয় কৰে।