চেমচাঙে আগবঢ়াইছে গেলেক্সি এক্সকভাৰ৭, চেমচাঙৰ প্ৰথম এণ্টাৰপ্ৰাইজ এক্সক্লুছিভ স্মাৰ্টফোন

398

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে নিজৰ প্ৰথমটো এণ্টাৰপ্ৰাইজ কেন্দ্ৰীভূত স্মাৰ্টফোন – গেলেক্সি এক্সকভাৰ৭ মুকলি কৰিলে। এই স্মাৰ্টফোনটো হৈছে এক শক্তিশালী ডিভাইচ, যি যিকোনো পৰিস্থিতিত আৰু ব্যতিক্ৰমী ব্যৱহাৰৰ বাবে সুবিধা প্ৰদান কৰে। চৰম পৰিস্থিতিতো কুশলে থাকিবলৈ প্ৰস্তুত কৰা গেলেক্সি এক্সকভাৰ৭ৰ লক্ষ্য হৈছে পেছাদাৰী লোকসকলৰ জীৱন সহজ কৰা, দ্ৰুত সংযোগ প্ৰদান কৰা, নিৰৱচ্ছিন্ন ধাৰাবাহিকতা প্ৰদানেৰে বাহ্যিক কাৰকৰ ফলত হোৱা বাধাৰ বিপদাশংকা হ্ৰাস কৰা, যাতে ফোনটোৱে সকলো সময়তে দ্ৰুত আৰু স্মাৰ্ট কাম অব্যাহত ৰাখিব পাৰে।

গেলেক্সি এক্সকভাৰ৭ ফোনটোৱে ৫জি সংযোগ, উন্নত প্ৰচেছৰ পৰিৱেশন আৰু উন্নত গতিশীলতাৰ বাবে বৰ্ধিত মেম’ৰী প্ৰদান কৰে। ইয়াত বাৰকোড/কিউআৰ কোড স্কেনিঙৰ বাবে এক শক্তিশালী পিছফালৰ কেমেৰা আৰু এক সম্প্ৰসাৰিত ডিচপ্লে চাইজ প্ৰদান কৰিছে। এই ডিভাইচটোত সুবিধাজনক চাৰ্জিং আৰু গ্লোভ-অন ব্যৱহাৰৰ বাবে বৰ্ধিত টাচ্চ ছেনচিটিভিটীৰ বাবে পগ’ চাৰ্জিং পিন এটাও আছে, যিয়ে ফোনটোক এক নিৰ্ভৰযোগ্য আৰু সুবিধাজনক প্ৰডাক্ট কৰি তোলে। এই বিষয়ে চেমচাং ইণ্ডিয়াৰ এণ্টাৰপ্ৰাইজ বিজনেছৰ উপাধ্যক্ষ আকাশ চাক্সেনাই কয় যে “নক্সৰ দ্বাৰা চালিত হৈ আমি ভাৰততে প্ৰস্তুত কৰা এই বৈপ্লৱিক সামগ্ৰীসমূহ আমাৰ কৰ্পৰেট গ্ৰাহকৰ ওচৰলৈ লৈ আহিবলৈ পাই উৎফুল্লিত হৈছোঁ আৰু আমি আশাবাদী যে এই স্মাৰ্টফোনটোৱে কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু ডাটা সুৰক্ষা নিশ্চিত কৰিব।”

গেলেক্সি এক্সকভাৰ৭ হৈছে উন্নত সুবিধাৰ সৈতে এটা প্ৰযুক্তি সক্ষম স্মাৰ্টফোন ছিৰিজ, যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰে আৰু নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰে। ফোনটোৰ বহল-স্ক্ৰীণ ডিছপ্লেই দৃশ্যমান স্পষ্টতা বৃদ্ধি কৰি তোলে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে ফিল্ডতো দক্ষতাৰে কাম কৰিব পাৰে। নক্স ভল্টে গুৰুত্বপূৰ্ণ ডাটা সুৰক্ষিত কৰি ৰাখে, যাৰ ভিতৰত আছে লক স্ক্ৰীণ তথ্য যেনে পিন কোড, পাছৱৰ্ড আৰু পেটাৰ্ণ ইত্যাদি।