চেমচাঙে ফিজিক্স ৱালাৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিছে ‘চেমচাং এডুকেচন হাব’, যি হৈছে এক ডিজাইন-ফৰ-টিভি শিক্ষা এপ। এই এপটো ৩২ ইঞ্চিৰ পৰা ৯৮ ইঞ্চিলৈকে স্ক্ৰীণ চাইজ(আকাৰ)ৰ সকলো চেমচাং টিভি আৰু স্মাৰ্ট মনিটৰত উপলব্ধ হ’ব। ২০২৪ৰ সকলো চেমচাং টিভি আৰু স্মাৰ্ট মনিটৰত উপলব্ধ হ’ব এই এপ।
চিবিএছই ব’ৰ্ডৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আৰু আইআইটি তথা নীটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লাইভ ক্লাছ আৰু চাহিদা অনুসৰি শিক্ষাৰ সমল প্ৰদান কৰি শৈক্ষিক সহায় হিচাপে টিভিৰ ভূমিকা বৃদ্ধি কৰাই হৈছে এই পদক্ষেপৰ লক্ষ্য। চেমচাং টিভি আৰু চেমচাং টিভি ব্যৱহাৰকাৰীৰ লগতে বৰ্তমানৰ ফিজিক্স ৱালাৰ গ্ৰাহকসকলে শৈক্ষিক সমল প্ৰাপ্ত কৰিব পাৰে।
চেমচাঙৰ গ্ৰাহকসকলে নিজৰ টিভি বা স্মাৰ্ট মনিটৰত ২ মাহলৈকে কোনো খৰচ অবিহনে ‘প্ৰিমিয়াম লাইভ কোৰ্চ’ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। ইয়াৰ লগতে গ্ৰাহকসকলে ‘ফিজিক্স ৱালা খাজানা কণ্টেণ্ট’ৰ কণ্টেণ্ট লাইব্ৰেৰীত প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰে, য’ত শীৰ্ষ শিক্ষাবিদ আৰু অভিজ্ঞ ব্যক্তিৰৰ প্ৰিমিয়াম বক্তৃতা আৰু পৰামৰ্শ থাকিব। চেমচাঙৰ ভাৰতীয় গ্ৰাহক অভিজ্ঞতা টীমৰ মুৰব্বী দ্বীপেশ শ্বাহে কয় যে, এই এপটোৰ উদ্দেশ্য হৈছে অনলাইন শিক্ষণত এক বৈপ্লৱিক পৰিৱৰ্তন আনি ৰিম’টৰ স্পৰ্শত জ্ঞানক সুলভ কৰি তোলা।