চেমচাং ইলেক্ট্ৰনিক্স আৰু গুগল ক্লাউডে বহু বছৰৰ বাবে অংশীদাৰিত্বৰে আগবঢ়াইছে জেনেৰেটিভ এআই প্ৰযুক্তি

280

চেমচাং ইলেক্ট্ৰনিকছ কোম্পানী লিমিটেড আৰু গুগল ক্লাউডে গুগল ক্লাউডৰ জেনেৰেটিভ আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই) প্ৰযুক্তি বিশ্বজুৰি চেমচাং স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক প্ৰদান কৰাৰ বাবে এক নতুন বহু-বছৰীয়া অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। কেলিফৰ্ণিয়াৰ চান জোছৰ গেলেক্সি আনপেকডত ঘোষণা কৰা চেমচাং গেলেক্সি এছ ২৪ ছিৰিজৰ পৰা আৰম্ভ কৰি চেমচাঙে ক্লাউডৰ জৰিয়তে নিজৰ স্মাৰ্টফোন ডিভাইচত ভাৰ্টেক্স এআইত জেমিনি প্ৰ’ আৰু ইমেজেন ২ স্থাপন কৰা প্ৰথমটো গুগল ক্লাউড অংশীদাৰ হ’ব।

চেমচাঙে বিভিন্ন ধৰণৰ তথ্যসমূহ বুজি পোৱাৰ লগতে একত্ৰিত আৰু অনুঢাৱন কৰিব পৰা মাল্টিমডেল এআই ভাৰ্টেক্স এআইত জেমিনি প্ৰ’ সন্নিবিষ্ট কৰা প্ৰথমটো গুগল ক্লাউড অংশীদাৰ হৈ পৰিছে। এই সুবিধাই নোটছ, ভইচ ৰেকৰ্ডাৰ আৰু কিবৰ্ডত উপলব্ধ আৰু চেমচাঙক জটিল গুগল ক্লাউড সুবিধা যেনে সুৰক্ষা, নিৰাপত্তা, গোপনীয়তা আৰু ডাটা অনুপালনৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থা প্ৰদান কৰিছে৷ এই বিষয়ে চেমচাং ইলেক্ট্ৰনিক্সৰ কৰ্পৰেট ইভিপি আৰু মোবাইল ইএক্সপিৰিয়েন্স বিজনেছ চফটৱেৰ অফিচৰ মুৰব্বী জাংঘিউন ইউনে কয় যে, “কেইবা মাহজোৰা জটিল পৰীক্ষা আৰু প্ৰতিযোগিতামূলক মূল্যায়নৰ পিছত গুগল ক্লাউড আৰু চেমচাং টীমে একেলগে কাম কৰি গেলেক্সিত সৰ্বশ্ৰেষ্ঠ জেমিনি-চালিত এআই অভিজ্ঞতা প্ৰদান কৰে।

চেমচাঙৰ গেলেক্সি এছ ২৪ ছিৰিজৰ গ্ৰাহকসকলে এতিয়া ভাৰ্টেক্স এআইৰ জৰিয়তে গুগলৰ সবাতোকৈ উন্নত টেক্সট-টু-ইমেজ ডিফিউজন প্ৰযুক্তি ইমেজেন ২ ব্যৱহাৰ কৰিব পাৰিব। এই এছ২৪ গেলেৰী এপ্লিকেচনত জেনেৰেটিভ এডিট২ত পোৱা এই সুবিধাই সুৰক্ষিত আৰু স্বজ্ঞাত ফটো-সম্পাদনা সুবিধাও প্ৰদান কৰে।