ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিকছ প্ৰতিষ্ঠান চেমচাঙে নিজৰ চেমচাং গেলেক্সি ইক’চিষ্টেমত শেহতীয়া এফ ই ছিৰিজ সংযোজনৰ কথা ঘোষণা কৰিছে। গেলেক্সি এছ২৩ এফই, গেলেক্সি টেব এছ৯ এফই, গেলেক্সি টেব এছ৯ এফই+ আৰু গেলেক্সি বাডছ এফই হৈছে এফ ই ইক’চিষ্টেমৰ নতুন ডিভাইচসমূহৰ ভিতৰত অন্যতম, যিয়ে নৱ প্ৰজন্মৰ বাবে আইকনিক ডিজাইন, উন্নত পৰিৱেশন, ইমাৰ্চিভ দৰ্শন আৰু অডিঅ’ ক্ষমতাৰ সৈতে প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰে।
গেলেক্সি টেব এছ৯ এফই আৰু টেব এছ৯ এফই+ হৈছে মনোৰঞ্জন, সৃজনশীলতা আৰু উৎপাদনশীলতাৰ বাবে ডিজাইন কৰা শক্তিশালী ডিভাইচ। মিণ্ট, চিলভাৰ, গ্ৰে আৰু লেভেণ্ডাৰ ৰঙত উপলব্ধ, এইবোৰ ১২৮ জিবি আৰু ২৫৬ জিবি মেম’ৰী ভেৰিয়েণ্টত উপলব্ধ আৰু ৫জি বা ৱাই-ফাই সক্ষম। ৭ অক্টোবৰৰ পৰা Samsung.com, ফ্লিপকাৰ্ট, আমাজন, আৰু খুচুৰা ষ্ট’ৰত উপলব্ধ। গ্ৰাহকসকলে ৩২,৯৯৯ টকাত পৰিচয়মূলক অফাৰ হিচাপে গেলেক্সি টেব এছ৯ এফইত বেংক কেছবেক বা আপগ্ৰেড বোনাচ উপভোগ কৰিব পাৰে। লগতে গেলেক্সি টেব এছ৯ এফ ই+ ৪১,৯৯৯ টকাৰ পৰা আৰম্ভ হ’ব।
চেমচাঙৰ গেলেক্সি বাডচ এফইয়ে গভীৰ বেছ, এক্টিভ নইজ নোহোৱা কৰাৰ লগতে এম্বিয়েণ্ট চাউণ্ড আৰু এআই-চালিত ডিপ নিউট্ৰেল নেটৱৰ্কৰ সৈতে এক উৎকৃষ্ট মানৰ চাউণ্ড অভিজ্ঞতা প্ৰদান কৰে। ৫ অক্টোবৰৰ পৰা Amazon আৰু Samsung.comত উপলব্ধ চেমচাঙৰ গেলেক্সি বাডচ এফই। গ্ৰাহকসকলে নিৰ্বাচিত কাৰ্ডত ইনষ্টেণ্ট বেংক কেছবেক লাভ কৰিব পাৰে।
