ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠান চেমচাঙে ভাৰতত প্ৰথমটো অনলাইন-টু-অফলাইন (অ’২অ’) লাইফষ্টাইল ষ্ট’ৰ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড প্লাজা মলত মুকলি কৰিছে, যি হৈছে মুম্বাইত খুচুৰা, অৱসৰ আৰু ভোজন বা খাদ্যৰ বাবে শেহতীয়াকৈ মুকলি কৰা আল্ট্ৰা-বিলাসী পৰিসৰ, যিয়ে ভাৰতৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিছে।
মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত চেমচাং বি কে চিয়ে বিশেষভাৱে সজাই তোলা সামগ্ৰীৰ অভিজ্ঞতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতম সামঞ্জস্য থকা চেমচাঙৰ প্ৰিমিয়াম প্ৰডাক্টসমূহ প্ৰদৰ্শন কৰিব। ৮,০০০ বৰ্গফুটৰ এই ষ্ট’ৰটোত চেমচাঙৰ বিশাল পৰ্টফলিঅ’ প্ৰদৰ্শিত হ’ব, য’ত স্মাৰ্টফোন, টেলিভিছন, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি অন্তৰ্ভুক্ত। এই ষ্ট’ৰটোৱে প্ৰিমিয়াম গ্ৰাহক আৰু প্ৰযুক্তি অনুৰাগীসকলক সামগ্ৰী যোগান ধৰিব, যিয়ে গ্ৰাহকক ইলেক্ট্ৰনিকছৰ বাবে ‘এআই ফৰ অল’ আৰু মোবাইল ডিভাইচৰ বাবে ‘গেলেক্সি এআই’কে ধৰি চেমচাঙৰ শেহতীয়া এআই অভিজ্ঞতাসমূহ আগবঢ়াব। এই বিষয়ে চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে কয় যে, “গ্ৰাহকসকলে ইয়াত আমাৰ বিস্তাৰিত সংযোজিত ডিভাইচ পৰিস্থিতি তন্ত্ৰ আৰু আমাৰ অত্যাধুনিক প্ৰযুক্তিৰ অনুভৱ লাভ কৰিব।”
ভাৰতৰ প্ৰথমটো চেমচাং অ’২অ’ ষ্ট’ৰ চেমচাং বি কে চিৰ জৰিয়তে অনলাইন আৰু অফলাইন অভিজ্ঞতাৰ সংমিশ্ৰণেৰে খুচুৰা বজাৰত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য হাতত লৈছে। অনলাইন আৰু ইন-ষ্ট’ৰৰ সহায়ত উপলব্ধ ১,২০০ৰো অধিক সামগ্ৰীৰ সৈতে এই ষ্ট’ৰত বিভিন্ন সামগ্ৰীৰ বিশাল সম্ভাৰ আগবঢ়াইছে, যাৰ ফলত কেৱল মুম্বাইতে নহয়, সমগ্ৰ দেশতে ডেলিভাৰী কৰিব পৰা যায়। চেমচাং বি কে চিয়ে গ্ৰাহকক শেহতীয়া গেলেক্সি এছ২৪ ছিৰিজ আগবঢ়াব, য’ত স্পেচিয়েল এডিছনৰ ৰঙৰ বিকল্প আৰু বিনামূলীয়া জেন এআই-সক্ষম ব্যক্তিগতকৰণৰ সুবিধাও থাকিব। ২৩ জানুৱাৰীৰ পৰা গ্ৰাহকসকলে গেলেক্সি এছ ২৪ ছিৰিজৰ অভিজ্ঞতা আৰু প্ৰি-বুক কৰিব পাৰিব।