চেমচাঙে আয়োজন কৰা ‘ছলভ ফৰ টুমৰু’ ২০২৪ৰ গ্ৰেণ্ড ফিনালেৰ শীৰ্ষ ১০গৰাকী ফাইনেলিষ্টৰ নাম ঘোষণা

138

চেমচাং ইণ্ডিয়াই ভাৰতৰ কিছুমান অতি দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ বাবে চিএছআৰ কাৰ্যসূচীৰ অধীনত ৰূপায়ণ কৰা ছলভ ফৰ টুমৰু ২০২৪ প্ৰতিযোগিতাৰ শীৰ্ষ ১০টা চূড়ান্ত প্ৰতিযোগী দল ঘোষণা কৰিছে। অসমৰ গোলাঘাট, কৰ্ণাটকৰ উডুপি, ছত্তীশগড়ৰ বিলাসপুৰ আদি অঞ্চলক প্ৰতিনিধিত্ব কৰা ২২গৰাকী প্ৰতিযোগীয়ে গ্ৰেণ্ড ফিনালেত চেমচাঙৰ প্ৰতিনিধি আৰু শীৰ্ষ উদ্যোগপতি বিচাৰকৰ সন্মুখত নিজৰ উদ্ভাৱনসমূহ দাঙি ধৰিব।

তৃতীয় সংস্কৰণত উপনীত হোৱা এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে যুৱ উদ্ভাৱকসকলক সম্প্ৰদায়, অন্তৰ্ভুক্তি আৰু পৰিৱেশ আৰু বহনক্ষমতাৰ বিষয়বস্তুৰ অধীনত বাস্তৱ-বিশ্বৰ সমস্যাবোৰ সমাধান কৰিবলৈ উৎসাহিত কৰি সামাজিক পৰিৱৰ্তন কঢ়িয়াই অনা। ফাইনেলিষ্টে আৰ্চেনিক প্ৰদূষণ প্ৰশমনৰ পৰা ভিআৰ-আধাৰিত শিক্ষণ সঁজুলিলৈকে বিভিন্ন প্ৰয়োজনীয় বাস্তৱভিত্তিক সমাধান বিকশাই তুলিছে। প্ৰতিটো দলে চেমচাং আৰু আইআইটি দিল্লীৰ ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ(এফআইটিটি)ৰ পৰা পৰামৰ্শ লাভ কৰাৰ লগতে নিজৰ প্ৰট’টাইপবোৰ আগবঢ়াই নিবলৈ অনুদান লাভ কৰে।

গোলাঘাটৰ লগতে সমগ্ৰ অসমবাসীয়ে এই পদক্ষেপক গ্ৰামাঞ্চলত উদ্ভাৱনক নতুন মাত্ৰা প্ৰদান কৰা যুগান্তকাৰী ৰূপে অভিহিত কৰিছে। বিশেষভাৱে কৃষি অৰ্থনীতিৰ বাবে জনাজাত গোলাঘাটে এতিয়া প্ৰযুক্তি-চালিত সমাধানৰ সুযোগৰ মুখ দেখিছে, যিয়ে আঞ্চলিক প্ৰত্যাহ্বান-যেনে ভূগৰ্ভস্থ পানীত আৰ্চেনিক দূষিতকৰণৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰে। ছলভ ফৰ টুমৰু ২০২৪ৰ বিজয়ীসকলে নিজৰ স্বপ্ন বাস্তৱ কৰি তুলিবলৈ প্ৰকল্পৰ উন্নয়নৰ বাবে ৫০ লাখ টকাপৰ্যন্ত অনুদান লাভ কৰিব, যিয়ে ভৱিষ্যতৰ নেতাসকলক প্ৰতিপালন কৰাৰ লগতে উদ্ভাৱনৰ জৰিয়তে সামাজিক প্ৰভাৱ পেলোৱাৰ বাবে চেমচাঙৰ দায়বদ্ধতা পুনৰ সুদৃঢ় কৰিব।