চেমচাঙে শেহতীয়া গেলেক্সি বুক৪ ছিৰিজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যিয়ে ভাৰতীয় পিচি বজাৰত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সংকেত দিছে। এই বহুপ্ৰত্যাশিত ডিভাইচটোৰ বাবে প্ৰি-বুকিং আৰম্ভ হৈছে, এই গেলেক্সি বুক৪ ছিৰিজত অত্যাধুনিক প্ৰযুক্তি আৰু অতুলনীয় ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চেমচাঙে।গেলেক্সি বুক৪ ছিৰিজত গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা বুদ্ধিদীপ্ত পিচি প্ৰদান কৰাৰ চেমচাঙৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। এক নতুন বুদ্ধিদীপ্ত প্ৰচেছৰ আৰু এক জীৱন্ত ডিচপ্লেৰে সজ্জিত কৰা হৈছে। এই ডিভাইচে পিচি দৃশ্যপটত উৎপাদনশীলতা, গতিশীলতা আৰু পুনৰ সংযোগক নিৰ্ধাৰণ কৰিছে। ইয়াতচেমচাঙৰ এআই ক্ষমতাৰ কৌশলগত একত্ৰিকৰণ লাভ কৰিব গ্ৰাহকে, যাৰ ভিতৰত আছে ইণ্টেলৰ এআই পিচি এক্সেলেৰেচন(ত্বৰণ) কাৰ্যসূচী, অতুলনীয় প্ৰদৰ্শন আৰু দক্ষতা নিশ্চিতকৰণ ইত্যাদি।
গেলেক্সি বুক৪ প্ৰ’ ৩৬০, গেলেক্সি বুক৪ প্ৰ’ আৰু গেলেক্সি বুক৪ ৩৬০ক লৈ গঠিত গেলেক্সি বুক৪ ছিৰিজে ব্যৱহাৰকাৰীৰ বিভিন্ন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি আনন্দ অনুভৱ কৰে। ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ডাইনেমিক এমল্ড ২এক্স ডিছপ্লে, ডলবি এটমছ® ৰ সৈতে একেজি কোৱাড স্পীকাৰ। ইয়াৰ লগতে শক্তিশালী চিকিউৰিটী প্ৰটোকল, ইমাৰ্চিভ কম্পিউটিং অভিজ্ঞতা প্ৰদান কৰি মোবাইলৰ জগতত নতুন বেঞ্চমাৰ্ক নিৰ্ধাৰণ কৰিছে।
গেলেক্সি বুক-৪ ছিৰিজৰ প্ৰি-বুকিং ২০ ফেব্ৰুৱাৰী, ২০২৩ৰ পৰা আৰম্ভ হৈছে। ইয়াত গ্ৰাহকে বেংক কেছবেক, আপগ্ৰেড বোনাছ আৰু নমনীয় ইএমআই বিকল্পৰ দৰে এক্সক্লুছিভ সুবিধাসমূহো লাভ কৰিব। ইয়াৰ লগতে চেমচাঙে চেমচাং.কমত লাইভ কমাৰ্চ ইভেণ্ট আয়োজন কৰিব, যাৰ জৰিয়তে গ্ৰাহকসকলে অধিক ৰেহাই আৰু কেছবেক লাভ কৰাৰ সুযোগ পাব পাৰে।