চেমচাঙে গেলেক্সি এ১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

604

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ১৬,৪৯৯ টকাৰ আকৰ্ষণীয় মূল্যত গেলেক্সি এ১৫ ৫জি আগবঢ়াইছে, য’ত ৬জিবি+১২৮জিবি নতুন ষ্ট’ৰেজ ভেৰিয়েণ্ট থকাৰ কথা ঘোষণা কৰিছে। নতুন ষ্ট’ৰেজ ভেৰিয়েণ্টৰ সংযোজনে গেলেক্সি এ১৫ ৫জি ক্ৰয় কৰিব বিচৰা গ্ৰাহকসকলক অধিক পছন্দ আৰু বিকল্পৰ সুবিধা প্ৰদান কৰিব। এতিয়া গেলেক্সি এ১৫ ৫জি তিনিটা মেম’ৰি ভেৰিয়েণ্টত উপলব্ধ: ৬জিবি+১২৮জিবি, ৮জিবি+২৫৬জিবি আৰু ৮জিবি+১২৮জিবি, ৬জিবি+১২৮জিবি। এই ৮জিবি+২৫৬জিবি ভেৰিয়েণ্টৰ মূল্য ২২,৪৯৯ টকা, ৮জিবি+১২৮জিবি ভেৰিয়েণ্টৰ মূল্য হৈছে ১৯,৪৯৯ টকা আৰু ৬জিবি+১২৮ ভেৰিয়েণ্টৰ মূল্য হৈছে ১৭,৯৯৯ টকা। গ্ৰাহকে  ৬জিবি+১২৮ ভেৰিয়েণ্ট মোবাইলটো ক্ৰয় কৰিলে ১,৫০০ টকা মূল্যৰ বেংক কেছবেকো লাভ কৰিব গ্ৰাহকসকলে।

গেলেক্সি এ১৫ ৫জি মোবাইলটো নক্স চিকিউৰিটিৰে সজ্জিত। এই মোবাইলটো এক প্লেটফৰ্ম, য’ত গ্ৰাহক-ব্যৱহাৰকাৰীক অটো ব্লকাৰ আৰু চেমচাং পাস্কিৰ দৰে সুবিধাৰ জৰিয়তে নিজৰ মোবাইল ইণ্টাৰনেটৰ ডাটা নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়ে। ইয়াত এটা নক্স ভল্ট চিপছেট আছে, যাক সংবেদনশীল ডাটা যেনে পিন, পাছৱৰ্ড আৰু টেম্পাৰ-প্ৰতিৰোধী ষ্টোৰেজৰ পেটাৰ্ণ সুৰক্ষিত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই ডিভাইচটো ভৱিষ্যতৰ বাবে সাজু, ৪ জেনেৰেচন(প্ৰজন্ম)লৈকে অ’এছ আপগ্ৰেড আৰু ৫ বছৰৰ চিকিউৰিটি আপডেট আগবঢ়ায় চেমচাঙে।

গেলেক্সি এ১৫ ৫জি হৈছে এক প্ৰিমিয়াম স্মাৰ্টফোন, যাৰ হেজ ফিনিছ গ্লেষ্টিক বেক পেনেল, দুয়োকাষে কী আইলেণ্ড ডিজাইন আৰু সমতল ৰৈখিক কেমেৰা হাউচিং আছে। ইয়াত ভিজন বুষ্টাৰৰ সৈতে ৬.৫ ইঞ্চিৰ চুপাৰ এমোলেড ডিচপ্লে, ৫০ মেগাপিক্সেল ট্ৰিপল কেমেৰা ছেটআপ আৰু ছেলফিৰ বাবে ১৩ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে।