ভাৰতৰ অগ্ৰণী অনলাইন ষ্টক ব্ৰকাৰ ছেমকো ছিকিউৰিটিজে মুকলি কৰিছে মাই ট্ৰেড ষ্ট’ৰীৰ সুবিধা, য’ত ট্ৰেড স্প্ৰেডশ্বীট আৰু এনালাইটিক্স সঁজুলি সন্নিবিষ্ট কৰা হৈছে। ই ব্যৱসায়ীৰ বিশ্লেষণ আৰু ব্যৱসায়িক কৌশলৰ ৰূপান্তৰ ঘটায়, বজাৰৰ প্ৰদৰ্শনৰ বাবে অনন্য সুবিধা আৰু ব্যক্তিগতকৃত সহায়A প্ৰদান কৰে। ছেমকো ছিকিউৰিটিজ চিআৰপিয়ে ট্ৰেড স্প্ৰেডশ্বীট প্ৰদান কৰে, যিয়ে ব্যৱসায়ীসকলক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি নিজৰ বিত্তীয় লক্ষ্যত উপনীত হ’বলৈ বিতং বাণিজ্যিক পৰিসংখ্যা, অন্তৰ্দৃষ্টি আৰু উদ্যোগৰ আগশাৰীৰ বৈশিষ্ট্যসমূহ প্ৰদান কৰে।
ট্ৰেড স্প্ৰেডশ্বীট সুবিধাই ব্যৱসায়ীসকলৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰে, যাৰ ভিতৰত আছে লাভজনক আৰ্হি চিনাক্ত কৰা, অৱস্থান আকাৰ অনুকূল কৰা, সঠিক প্ৰৱেশ আৰু প্ৰস্থান পইণ্ট চিনাক্ত কৰা, আৰু ৰিস্ক-ৰিৱাৰ্ডৰ অনুপাত মূল্যায়ন কৰা ইত্যাদি। ট্ৰেড স্প্ৰেডশ্বীট সুবিধাই সকলো দক্ষতাৰ স্তৰ(স্কিল লেভেল)ৰ ব্যৱসায়ীক মূল্যৱান ট্ৰেড লেভেলৰ তথ্য আৰু বিশ্লেষণৰ প্ৰদান কৰি শক্তিশালী কৰি তোলে। ই বজাৰৰ ট্ৰেণ্ড অন্তৰ্দৃষ্টি প্ৰদান কৰি সিদ্ধান্ত গ্ৰহণ(ডিছিচন মেকিং) বৃদ্ধি কৰে। যাতে পূৰ্বৰ ব্যৱসায় বিশ্লেষণ কৰি ব্যৱসায়ীসকলে সঠিক সিদ্ধান্ত ল’ব পাৰে আৰু সৰ্বাধিক লাভালাভ অৰ্জন কৰিব পাৰে।
আৰম্ভণি(ইণ্ট্ৰডাক্টৰি) অফাৰ হিচাপে গ্ৰাহকসকলে “মাই ট্ৰেড ষ্ট’ৰী”ৰ হাইপাৰ-পাৰ্চনেলাইজড ট্ৰেডিং সুবিধাসমূহ বিনামূলীয়াকৈ লাভ কৰিব পাৰে, যিয়ে ১২,০০০ টকাৰ সুবিধা প্ৰদান কৰে। বজাৰৰ সফলতাক প্ৰসাৰিত কৰিবলৈ ছেমকো ছিকিউৰিটিজে অহৰহ নিজৰ ট্ৰেডিং এপ প্ৰমট কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই বিষয়ে সদৰি কৰি ছেমকো গ্ৰুপৰ চিইঅ’ জিমিত মোদীয়ে কয় যে, “ই গ্ৰাহকক সম্ভাৱ্য ফলাফলৰ মূল্যায়ন কৰাত সহায় কৰিব। লগতে লাভৰ বাবে নিজৰ সুবিধা অনুসৰি সামঞ্জস্য স্থাপন কৰে। লগতে গ্ৰাহকৰ তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰি বজাৰত অধিক সফলতা অৰ্জন কৰাত সহায় কৰে।”