এক শোকাৱহ ঘটনা। মঙলবাৰে নাইট ক্লাবৰ ছাদ খহি ৫৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০ জন লোক আহত হয়। কৰ্তৃপক্ষই জনোৱা মতে, জেট ছেট নাইট ক্লাবত ধ্বংসাৱশেষৰ তলত আবদ্ধ লোকৰ সন্ধানত অভিযান চলি আছে।ডমিনিকাৰ ৰাজধানী চহৰত ভয়ংকৰ দুৰ্ঘটনা । আইকনিক নাইট ক্লাবৰ সময়ত খহি পৰিল বৃহৎ চাল । শ শ লোক উপস্থিত আছিল এই মেৰেংগু কনচাৰ্টত । দেশখনৰ ৰাজনীতিবিদ, খেলুৱৈ তথা বিশিষ্ট নাগৰিকসকল এই অনুষ্ঠানত উপস্থিত আছিল । পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত প্ৰায় ৭৯ গৰাকী লোকৰ মৃত্যু হয় । প্ৰায় ১৬০ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।ৰাষ্ট্ৰপতি আবিনাডাৰে এক্সত লিখিছে,”সকলো উদ্ধাৰকাৰী সংস্থাই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে । জেট ছেট নাইটক্লাবত সংঘটিত দুৰ্ঘটনাটোৰ বাবে আমি গভীৰভাৱে দুঃখিত । ঘটনাটো সংঘটিত হোৱাৰ পিছত প্ৰতি মুহূৰ্ততে মই যোগাযোগ অব্যাহত ৰাখিছো ।”
