ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰে বুধবাৰে মুম্বাইৰ এমআইজি ক্ৰিকেট ক্লাবত টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোক সাক্ষাৎ কৰে। সকলো প্ৰত্যাহ্বান নেওচি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেণ্ডুলকাৰে খেলুৱৈসকলৰ অদম্য সাহস আৰু দৃঢ়তাৰ ভূয়সী প্ৰশংসা কৰে। খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰি তেওঁ তেওঁলোকক ভৱিষ্যতৰ বাবে অনুপ্ৰাণিত কৰে।
সাক্ষাৎকালত শচীনে খেলুৱৈসকলক সোঁৱৰাই দিয়ে যে সাফল্যই সদায় এক নতুন দায়িত্ব কঢ়িয়াই আনে। তেওঁ কয় যে এই বিজয়ৰ পাছত এতিয়া জনসাধাৰণৰ প্ৰত্যাশা অধিক বৃদ্ধি পাব আৰু সেই প্ৰত্যাশা পূৰণৰ বাবে পূৰ্বতকৈ অধিক কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ প্ৰয়োজন হ’ব। বিশ্বকাপ জয়ক যাত্ৰাৰ অন্তিম বিন্দু বুলি গণ্য নকৰি ইয়াক এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণি বুলিহে অভিহিত কৰে ক্ৰিকেটক ভগৱানজনে।
তেণ্ডুলকাৰে বিশেষভাৱে উল্লেখ কৰে যে এই বিজয়ী দলটো এতিয়া দেশৰ অগণন লোকৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। খেলুৱৈসকলক তেওঁলোকৰ এই ক্ৰীড়া শৈলী অক্ষুণ্ণ ৰাখিবলৈ তেওঁ পৰামৰ্শ দিয়ে। বিশ্ব জয় কৰি উভতি অহা দলটোক সাক্ষাৎ কৰি শচীনেও আনন্দ প্ৰকাশ কৰে। উল্লেখ্য যে ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোৱে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমকপ্ৰদ প্ৰদৰ্শন কৰি খিতাপ দখল কৰিছে।
