RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ

226

কেৰালাৰ আদালতে নিষিদ্ধ সংগঠন পিএফআইৰ ১৫জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। স্থানীয় আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অপৰাধত ১৫ জন লোকক শাস্তি প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰঞ্জিতৰ ঘৰতে হত্যা কৰা হৈছিল।

ঘৰলৈ উভতি অহাৰ পথত ভাৰতীয় ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা কে এছ শ্বানক অচিনাকি দুষ্কৃতিকাৰীয়ে হত্যা কৰে। ইয়াৰ পিছত কেৰালাৰ স্থানীয় ৰাজনীতি উত্তপ্ত হৈ পৰে। শ্বানৰ মৃত্যুৰ কিছু ঘণ্টাৰ ভিতৰতে পিএফআই আৰু এছডিপিআইৰ সদস্যই ৰঞ্জিতৰ ঘৰত আক্ৰমণ চলায়।

কেৰালা বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা আৰএছএছ নেতাৰ ঘৰত আক্ৰমণকাৰীয়ে প্ৰৱেশ কৰি সমগ্ৰ পৰিয়ালটোক হাৰাশাস্তি কৰে। মাতৃ, পত্নী আৰু সন্তানৰ সন্মুখত ৰঞ্জিতক নিৰ্মমভাৱে হত্যা কৰা হয়। ইয়াৰ পিছত পি এফ আইৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

২০ জানুৱাৰীত কেৰালাৰ মাভেলিকাৰাৰ অতিৰিক্ত অধিবেশন আদালতে ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পিছত চৰকাৰী অধিবক্তাই দোষীক সৰ্বোচ্চ শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনায়। তেওঁৰ মতে এই ১৫ জন লোক আচলতে পেছাদাৰী হত্যাকাৰী। পৰিয়ালৰ সন্মুখত ৰঞ্জিতক যিদৰে হত্যা কৰা হৈছিল, সেয়া বিৰল অপৰাধৰ ভিতৰত আটাইতকৈ বিৰল। মঙলবাৰে কেৰালাৰ আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে।