RRR শ্বুটিঙৰ সময়ত কেনে সমস্যাৰ সন্মুখীন হৈছিল পৰিচালক ৰাজামৌলি? ক’লে…

4362

ডিজিটেল ডেস্কঃ বছৰৰ অন্যতম সফল ছবি আৰ আৰ আৰৰ শ্বুটিঙৰ সময়ত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল ছবিখনৰ পৰিচালক আৰু কলা-কুশলী? জনালে পৰিচালিক এছ এছ ৰাজামৌলিয়ে।

চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিয়ে কয় যে ‘আৰ আৰ আৰ’ নিৰ্মাণ কৰি থাকোঁতে তেওঁৰ একমাত্ৰ টোপনি নোহোৱা হৈছিল যেতিয়া তেওঁ অভিনেতা জুনিয়ৰ এন টি আৰৰ সৈতে এনিমেল ছিকুৱেন্সৰ শ্বুটিং কৰিছিল।

“সেয়া…কাৰণ আমাৰ নাইট শ্বুট আছিল,” ৰাজামৌলিয়ে লগতে ক’লে।

ৰাজামৌলীয়ে পূৰ্বে উল্লেখ কৰিছিল যে তেওঁলোকে ৪০ ৰাতিতকৈ অধিক সময় এই জন্তুৰ ক্ৰমটো শ্বুট কৰিছিল।

তেওঁ লগতে কয় যে, প্ৰায় ২০০০ ব্যক্তি এই শ্বুটৰ সময়ত জড়িত হৈ পৰিছিল যাতে সেয়া সুপৰিকল্পিতভাৱে দৃশ্যগ্ৰহণ কৰিব পৰা যায়।

উল্লেখ্য ২০২২ বৰ্ষত চনত মুক্তি লাভ কৰা আৰ আৰ আৰ আছিল বছৰটোৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি।

প্ৰায় ৬০০ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে বক্স অফিচত কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল প্ৰায় ১২শ কোটি টকা।