বিচিচিআইয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এ প্লাছ গ্ৰেডৰ পৰা বি গ্ৰেডলৈ অৱনমিত কৰিছে। সোমবাৰে ব’ৰ্ডে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰে। এ প্লাছ গ্ৰেড বিলুপ্ত কৰা হৈছে। ৰোহিত আৰু কোহলীৰ লগতে বুমৰাহ আৰু জাদেজাকো যোৱা বছৰ এ-প্লাছ গ্ৰেডত অন্তৰ্ভুক্ত কৰা হৈছিল। শেহতীয়া তালিকাত দুয়োকে গ্ৰেড এত অন্তৰ্ভুক্ত কৰা হৈছে।ইফালে টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক শুভমন গিলক গ্ৰেড এত ৰখা হৈছে।বি গ্ৰেডত আছে টি-২০ৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱ আৰু আন ১০জন খেলুৱৈ।
চি গ্ৰেডত তিলক বাৰ্মা আৰু ৰিংকু সিংকে ধৰি ১৭ গৰাকী খেলুৱৈ আছে। ব’ৰ্ডে খেলুৱৈসকলক তিনিটা গ্ৰেডত ভাগ কৰিছে: এ, বি আৰু চি।ব’ৰ্ডে এতিয়াও ঘোষণা কৰা নাই নতুন গ্ৰেড মডেলৰ দৰমহাৰ গাঁথনি। কিছুদিন আগতে ইয়াক সলনি কৰাৰ কথা চৰ্চা হৈছিল। যোৱা বছৰ এ প্লেচ গ্ৰেডৰ খেলুৱৈয়ে বছৰি ৭ কোটি টকা লাভ কৰিছিল। এ গ্ৰেডৰ খেলুৱৈয়ে ৫ কোটি , বি গ্ৰেডৰ খেলুৱৈয়ে ৩ কোটি, আৰু চি গ্ৰেডৰ খেলুৱৈয়ে ১ কোটি লাভ কৰিছিল। উল্লেখ্য যে ৰোহিত আৰু কোহলীয়ে এতিয়া কেৱল এদিনীয়াহে খেলি আছে। সেয়েহে দুয়োকে গ্ৰেড বি-ত স্থান দিয়া হৈছে।
দুয়োজন জ্যেষ্ঠ খেলুৱৈয়ে ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰি যোৱা বছৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।২০২৪ চনৰ মে’ মাহত টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰে। মহিলা শাখাত বাছনি সমিতিয়ে এ আৰু বি শ্ৰেণীত চাৰিগৰাকীকৈ খেলুৱৈক নিযুক্তি দিছে। এ গ্ৰেডত অধিনায়ক হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনা, জেমিমাহ ৰড্ৰিগেছ, আৰু দীপ্তি শৰ্মা, বি গ্ৰেডত ৰেনুকা ঠাকুৰ, শ্বেফালী ভাৰ্মা, ৰিচা ঘোষ, আৰু স্নেহ ৰাণা আছে। মহিলাৰ বাবে চি গ্ৰেডত ক্ৰান্তি গৌৰ আৰু কাশৱী গৌতমকে ধৰি ঘৰুৱা ক্ৰিকেটত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে।
