আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত কংগ্ৰেস আৰু বিজেপি নেতাৰ মাজত তীব্ৰ বাকযুদ্ধ চলি আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেসৰ ওপৰত কোটি কোটি টকা সংগ্ৰহৰ অভিযোগ তুলাত, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এই সমালোচনাৰ প্ৰতি কঠোৰ প্ৰত্যুত্তৰ দিছে। হুছেইনে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী ধুবুৰীৰ মানুহৰ কল্যাণলৈ মন ন দিয়ে আৰু জিলাৰ চিণ্ডিকেটৰ পৰা পইচা সংগ্ৰহ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বিজেপিৰ প্ৰভাৱ হ্ৰাস পোৱাৰ বাবেই মুখ্যমন্ত্রী আতঙ্কিত বুলি হুছেইনে উল্লেখ কৰিছে।
সাংসদগৰাকীয়ে ২০২৬ চনত বিৰোধী দলসমূহৰ মাজত নিৰ্বাচনপূৰ্ব মিত্ৰতাৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ ১০০টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আৰু বাকী ২৬খন আসন বন্ধু দলেৰে ভাগ-বণ্টন কৰাৰ পরিকল্পনাও জানিবলৈ দিয়ে। এআইইউডিএফৰ সৈতে গোপন বুজাপৰা কৰিবলৈ বিজেপিয়ে বাধ্য হোৱা কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ঐক্যৰ কথা প্ৰকাশ কৰিছে।
