আন্তঃৰাষ্ট্ৰীয় জল দিৱস ২০২৪ৰ দিনাই ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেড লিমিটেড (আৰ এন এ আই পি এল) নিজৰ সাফল্যৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সমগ্ৰ বিশ্বতে অডিট, মূল্যায়ন আৰু প্ৰশিক্ষণৰ দক্ষতা সম্বন্ধীয় আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত আইএছঅ’ প্ৰমাণীকৰণ সংস্থা ডিকিউএছৰ জটিল পৰীক্ষণৰ পিছত ২০২৩ চনত ৱাটাৰ-পজিটিভ কাৰ্য-কলাপৰ বাবে প্লেটিনাম কেটেগৰীৰ স্বীকৃতি লাভ কৰিছে।
আৰএনএআইপিএলক এক ব্যাপক ৰূপত পানীৰ অপচয় ৰোধ আৰু সঠিক ব্যৱহাৰক সকলো প্ৰান্ততে সফল ৰূপায়ণৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে, এই প্ৰয়াস সমূহৰ ভিতৰত আছে যথেষ্ট পৰিমাণে বৰষুণৰ পানী সংগ্ৰহ, বিশাল ৰূপত বৰ্জ্য পানীৰ পুনৰ ব্যৱহাৰ আৰু অপচয় হ্ৰাস কৰি পানী পুনৰুদ্ধাৰ পদক্ষেপ। এই পৰিৱেশ অনুকূল প্ৰকল্পটো এক শূণ্য-নিষ্কাশন প্ৰকল্প, ইয়াত বিভিন্ন ঔদ্যোগিক উদ্দেশ্যৰ বাবে পুনৰ্ব্যৱহাৰ যোগ্য পানী নতুনকৈ ব্যৱহাৰ কৰা হৈছে। আৰএনএআইপিএল হৈছে ৰেনল্ট নিছানৰ জনমুখী প্ৰকল্প, য’থ বৰষুণৰ পানী সংগ্ৰহৰ কৰি ৮৫% পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয় আৰু ঔদ্যোগিক উদ্দেশ্যৰ বাবে বৰ্জিত শোধন প্ৰকল্প আৰু পানী শোধন প্ৰকল্পৰ জৰিয়তে পানী পুনৰ ব্যৱহাৰ কৰা হয়।
এই প্ৰকল্পটোৱে শেহতীয়াকৈ নিজৰ নৰ্দমা পানীৰ পুনৰ্ব্যৱহাৰ ক্ষমতা ১২০ কিলো-লিটাৰৰ পৰা প্ৰতিদিনে ৩০০ কিলো-লিটাৰলৈ সম্প্ৰসাৰিত কৰিছে। এয়া বিশ্বব্যাপী ৰেনল্ট নিছান এলায়েন্সৰ আটাইতকৈ কম নিৰ্ভৰশীল প্ৰকল্পবোৰৰ ভিতৰত অন্যতম আৰু২০৩০ৰ ভিতৰত পানীৰ ব্যৱহাৰ ২১% হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। এই অনন্য মাইলৰ খুঁটি সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত কৰি আৰএনএআইপিএলৰ পৰিচালন সঞ্চালক কীৰ্তি প্ৰকাশে কয় যে, “আমি আমাৰ পানীৰ ব্যৱহাৰ-অপচৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে দক্ষতা বৃদ্ধিৰ বাবে সমৰ্পিত হৈ আছোঁ।”