সেউজ শক্তিক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে চেন্নাইস্থিত অটোমোটিভ প্ৰতিষ্ঠান ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৩ চনৰ দ্বিতীয়াৰ্ধত বিশেষভাৱে সেউজ শক্তি ব্যৱহাৰ কৰিছিল। ২০৪৫ চনৰ ভিতৰত কাৰ্বন নিৰপেক্ষ প্ৰাপ্ত কৰাৰ লগতে সকলো কাৰ্যকলাপত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে। ২০২৩ চনৰ জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত এই প্ৰতিষ্ঠানটোৱে গড়ে ৮৫%তকৈ অধিক সেউজ শক্তি ব্যৱহাৰ কৰিছিল, আনহাতে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ১০০% সেউজ শক্তিৰ ব্যৱহাৰ কৰিছিল।
আৰএনএআইপিএলে গাড়ী উৎপাদনৰ বাবে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে উৎসতে সেউজ শক্তিৰ সংমিশ্ৰণ আৰু ব্যৱহাৰ আৰম্ভ কৰিছে।আৰএনএআইপিএলে কাৰ্বন নিৰপেক্ষতাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে তিনি তৰপীয়া(থ্ৰী-পিলাৰ) দৃষ্টিভংগী ৰূপায়ণ কৰিছে, যাৰ ভিতৰত আছে সেউজ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, শক্তি দক্ষতা উন্নত কৰা আৰু ওৰাগাডাম প্ৰকল্পত শক্তি-দক্ষ প্ৰযুক্তি গ্ৰহণ কৰা। কোম্পানীৰ শক্তি পৰ্টফলিঅ’ত অন্তৰ্ভুক্ত চৰকাৰৰ পৰম্পৰাগত শক্তি আৰু সৌৰ, বায়ু আৰু বাগাজ/কোজেন শক্তিৰ দৰে সেউজ উৎসৰ ব্যৱহাৰ।
২০৪৫ৰ ভিতৰত ১০০% সুসংগত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ লক্ষ্যৰে আগুৱাইছে প্ৰতিষ্ঠানটো। এই বিষয়ে আৰএনএআইপিএলৰ পৰিচালনা সঞ্চালক কীৰ্তি প্ৰকাশে কয় যে, “আমি আমাৰ পৰিৱেশৰ ভৱিষ্যতৰ দৃশ্যপটৰ পৰিচালনা আৰু অধিক বহনক্ষম ভৱিষ্যতত অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”২০২৩ চনৰ জুলাই আৰু ডিচেম্বৰ মাহৰ ভিতৰত আৰএনএআইপিএলে ৮৫%তকৈ অধিক সেউজ শক্তি ব্যৱহাৰ কৰিছিল, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ১০০% সেউজ শক্তি ব্যৱহাৰৰ মাইলৰ খুঁটি অৰ্জন কৰিছিল।