২০২৫ ৰ ভিতৰত পাৰ্ফিউম বজাৰৰ ২০% অংশ দখলৰ লক্ষ্য ৰিয়াৰ

728

২০২১-২০২২ বিত্তীয় বৰ্ষত মহামাৰীৰ বাবে বজাৰলৈ আহি পৰা প্ৰৱল প্ৰত্যাহ্বানৰ স্বত্বেও ৰিয়াই ৮০ কোটি টকাৰ ব্যৱসায়ৰ সৈতে পাৰ্ফিউম উদ্যোগত সফলতাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰিয়া-ক ২০২১ৰ জানুৱাৰী-ডিচেম্বৰৰ সময়ছোৱাত প্ৰতিষ্ঠিত নিলচন আইকিউ ৰিটেইল অডিট প্ৰতিবেদনত একেৰাহে তৃতীয় বছৰৰ বাবে ভেল্যু শ্বেয়াৰৰ দ্বাৰা ভাৰতৰ পাৰ্ফিউম চেগমেণ্ট প্ৰমুখ হিচাপে অভিহিত কৰা হৈছে।

নিলচন আইকিউ ৰিটেইল অডিট প্ৰতিবেদন অনুসৰি ২০২১ৰ জানুৱাৰী-ডিচেম্বৰৰ ভিতৰত ই-কমাৰ্চ ৰাজহ বাদ দি ভাৰতত পাৰ্ফিউম উদ্যোগৰ ব্যৱসায় আছিল ৭৯০ কোটি টকাৰ । উদ্যোগটো ২০২৫ চনৰ ভিতৰত ১২০০ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পুৰপোছ প্লেনেটৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী আদিত্য বিক্ৰম দাগাই কয়, ‘মহানগৰৰ উপৰিও মফচলিয়া বজাৰৰ সংবেদনশীলতাক আকৰ্ষণ কৰিবলৈ ৰিয়াই শক্তিশালীভাৱে ভাৰতীয় ধাৰণা আৰু ঘ্ৰাণশক্তিজ্ঞানত নিজকে চতুৰতাৰে মূল্যৱান কৰি তুলিছে।’

সমগ্ৰ ভাৰতত উপলব্ধ স্বদেশী ব্ৰেণ্ডটোৱে ২০২৫ চনৰ ভিতৰত বৰ্ধিত পাৰ্ফিউম উদ্যোগত ২০% বজাৰ অংশ ৰখাৰ লক্ষ্য ৰাখিছে, যাতে ২৪০ কোটি টকাৰ টাৰ্ণঅ’ভাৰ লাভ কৰিব পাৰে।