২০২৫ৰ ভিতৰত পাৰ্ফিউম বজাৰৰ ২০% দখলৰ লক্ষ্য ৰিয়াৰ

330

পাৰ্ফিউম উদ্যোগত সুকলমে ২৫ বছৰ সম্পূৰ্ণ কৰিলে ৰিয়াই। ২০২১-২০২২ বিত্তীয় বৰ্ষত মহামাৰীৰ বাবে বজাৰলৈ আহি পৰা প্ৰবল প্ৰত্যাহ্বানৰ স্বত্বেও ৰিয়াই ৮০ কোটি টকাৰ ব্যৱসায়ৰ সৈতে পাৰ্ফিউম উদ্যোগত ২৫ বছৰৰ সম্পূৰ্ণ কৰিছে।

সমগ্ৰ ভাৰততে নিজৰ স্থিতি শক্তিশালী কৰা স্বদেশী ব্ৰেণ্ডটোৱে ২০২৫ চনৰ ভিতৰত বৰ্ধিত পাৰ্ফিউম উদ্যোগত ২০% বজাৰ দখলৰ এক লক্ষ্য ৰাখিছে। লগতে ২০২৫ চনলৈ ২৪০ কোটি টকাৰ টাৰ্ণঅ’ভাৰ প্ৰাপ্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে ৰিয়া। ১৯৯৭ চনত কলকাতাত প্ৰতিষ্ঠা হোৱা ৰিয়াক প্ৰতিষ্ঠিত নিলচন আইকিউ ৰিটেইল অডিট ৰিপৰ্ট, জানুৱাৰী-ডিচেম্বৰ ২০২১-ৰ দ্বাৰা একেৰাহে তৃতীয় বছৰৰ বাবে ভেল্যু শ্বেয়াৰৰ দ্বাৰা ভাৰতৰ পাৰ্ফিউম চেগমেণ্ট প্ৰমুখ হিচাপে প্ৰমাণিত কৰা হৈছে।

পুৰপোছ প্লেনেটৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী আদিত্য বিক্ৰম দাগাই কয়, “ৰিয়াই মহানগৰৰ উপৰিও মফচলিয়া বজাৰৰ প্ৰয়োজনীয়তা অনুসৰণ কৰি ভাৰতীয় ধাৰণা আৰু পুৰণি কাৰখানাৰ জ্ঞানৰ সৈতে নিজকে চতুৰভাৱে মূল্য-স্থিতি শক্তিশালী কৰিছে।”