Ripped Jeans পৰিধানৰ দ্বাৰা মহিলাসকলে সমাজত অপ সংস্কৃতি আনিছে! উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী Tirath Singh Rawatৰ বিতৰ্কিত মন্তব্যক দেশজুৰি ভৎৰ্সনা

59

Uttarakhand Chief Minister: মহিলাসকলে পিন্ধা ৰিপড জিন্স(Ripped Jeans)ক লৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটৰ বিতৰ্কিত মন্তব্য। ক’লে, কেনেদৰে ইয়াৰ দ্বাৰা মহিলাসকলে সমাজত উপস্থাপন কৰিছে এক অপ সংস্কৃতিৰ।

মন্তব্যক লৈ এতিয়া তোলপাৰ লাগিছে দেশত। মহিলাসকলে ৰিপড জিন্স(Ripped Jeans) পিন্ধা সম্পৰ্কত এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰিপড জিন্স পৰিধানৰ দ্বাৰা মহিলাসকলে সমাজত এক অপ সংস্কৃতিৰ উদাহৰণ দাঙি ধৰাৰ লগতে ইয়ে মাদক দৱ্য সেৱনত উদগনি যোগায় বুলি এক অদ্ভুত মন্তব্য কৰে মুখ্যমন্ত্ৰী ৰাৱাটে।

মঙলবাৰে ডেৰাডুনত উত্তৰাখণ্ড ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে নিষিদ্ধ মাদকদৱ্য সেৱনৰ বিৰোধিতাৰে আয়োজন কৰা এক কৰ্মশালাত ভাষণ প্ৰদান কৰি এনেদৰে কয় ৰাৱাটে। লগতে তেওঁ কয় যে ৰিপড জিন্স হৈছে অভিভাৱকৰ দ্বাৰা নিৰ্ধাৰণ কৰা এক ‘বেয়া উদাহৰণ তথা অপ সংস্কৃতি ‘।

ইপিনে ৰিপড জিন্সত আঁঠু উন্মুক্ত হৈ থকা সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,” খালী আঁঠু দেখুৱাই, ৰিপড ডেনিম পিন্ধি ধনী শিশুৰ দৰে দেখা – এইবোৰ এতিয়া দিয়া মূল্যবোধ শিক্ষা । যদি ঘৰৰ পৰা নহয়, এয়া ক’ৰ পৰা আহিছে ? শিক্ষক বা বিদ্যালয়ৰ দোষ কি? মই মোৰ পুত্ৰক আঁঠু দেখুৱাই, টেটাৰড জিন্সত ক’লৈ লৈ গৈছো ? ছোৱালীবোৰো কম নহয় , দেখুৱাইছে আঁঠু , এয়া ভাল নেকি? ইপিনে পশ্চিমীয়া পৃথিৱীয়ে আমাক অনুসৰণ কৰে, যোগাসন কৰে আৰু তেওঁলোকৰ শৰীৰ সঠিকভাৱে ঢাকি ৰাখিবলৈ চেষ্টা কৰে আৰু আনফালে আমি নগ্নতাৰ দিশে

আনফালে উক্ত অনুষ্ঠানতে মহিলাসকলৰ কাপোৰৰ পছন্দবোৰক লক্ষ্য ৰাখি নিজে দেখা এটা ঘটনাৰ কথা স্মৰণ কৰি ৰাৱাটে কয়, তেওঁ ‘ৰিপড জিন্সত’ এগৰাকী মহিলাক লগ পাইছিল, যিয়ে এটা বেচৰকাৰী সংগঠন চলাইছিল। মহিলাগৰাকী সম্পৰ্কত ৰাৱাটে কয়, “যদি এই ধৰণৰ মহিলাই মানুহক লগ কৰিবলৈ আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ সমাজত ওলাই যায়, তেন্তে আমি সমাজক, আমাৰ শিশুসকলক কেনে ধৰণৰ বাৰ্তা দি আছো? এই সকলোবোৰ ঘৰত আৰম্ভ হয়। আমি কি কৰো, আমাৰ শিশুৱে তাকে অনুসৰণ কৰে। ঘৰত সঠিক সংস্কৃতি শিকোৱা শিশু যিমানেই আধুনিক হওক, জীৱনত কেতিয়াও বিফল নহয় “।

মুখ্যমন্ত্ৰীৰ এই অদ্ভুত ভাষণৰ এটা ক্লিপ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। তাৰ পাচতে বিজেপি মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে মহিলাসকল আৰু সৃষ্টি হয় অন্য এক বিতৰ্কৰ।

উল্লেখ্য যে, ইয়াৰ কিছুদিন পূৰ্বে, ৰাৱাটৰ এজন কেবিনেট মন্ত্ৰী গণেশ যোশীয়ে মহিলাৰ প্ৰাথমিকতাৰ বিষয়ে একে ধৰণৰেই মতামত প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, “মহিলাসকলে জীৱনত কৰিব বিচৰা সকলো কামৰ বিষয়ে কয়, কিন্তু তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁলোকৰ পৰিয়াল আৰু সন্তানৰ চোৱা-চিতা কৰা।”