ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। এই তথ্য প্ৰকাশ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে। এই কাণ্ডত দাউদ ইব্ৰাহিমৰ গেং জড়িত আছে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিললৈ ৰিংকু সিঙৰ প্ৰচাৰ টীমলৈ ৩ টা ভাবুকি ভৰা বাৰ্তা আহিছিল। ডি-কোম্পানীৰ পৰা লাভ কৰা এই ভাবুকিত ৰিংকু সিঙৰ পৰা ৫ কোটি টকাৰ মুক্তিপন দাবী কৰিছিল। এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে ২ জনক গ্ৰেপ্তাৰ কৰিছে।
৫ কোটি টকা দাবী কৰিছিল ৰিংকু সিঙক। এই কাণ্ডত ডাউদ ইব্ৰাহিম গেঙৰ সদস্য জড়িত থকাৰ অভিযোগ আছে।
