ডিমৌৰ ভীমপোৱাত গঁড়ৰ মুক্ত বিচৰণ। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে এটা গড়ে। যাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে উক্তস্থানত উপস্থিত হৈ বন বিভাগৰ লোক।গোলাঘাটৰ মৰঙি, নুমলীগড়, গোৱালপাৰা জিলাৰ কেতবোৰ অঞ্চলত বন্যহস্তীৰ সৈতে মানুহে সহবাস কৰি অহা বুলিলেও ভুল কোৱা নহ’ব। বছৰটোৰ সৰহ সময়তেই এই অঞ্চলবোৰত বন্যহস্তীৰ বিচৰণ দেখা যায়।ডিমৌ বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপোৱাত শুকুৰবাৰে পুৱাই এটা গঁড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এঘৰ মানুহৰ বাৰীত আশ্ৰয় লোৱা গঁড়টোক দেখি শংকিত হৈ পৰিছে গঞা। গঁড়টোৱে অঞ্চলটোৰ ফুলমতি বেগম নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰাৰ লগতে এখন মটৰ চাইকেলো খুন্দিয়াই ভাঙে।বন বিভাগে যদি গঁড়টো ট্ৰেংকুলাইজ কৰা বা খেদি পঠিওৱাৰ ব্যৱস্থা নকৰে, তেন্তে ই ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলিও শংকা কৰিছে গাঁওবাসীয়ে। বৰ্তমান উদয়পুৰৰ সমীপৱৰ্তী লখিমী পথাৰত আছে গঁড়টো।
