ইণ্ডিগ’ সংকটৰ মাজতে শনিবাৰে চৰকাৰে বিমান সংস্থাৰ স্বেচ্ছাচাৰী ভাড়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। চৰকাৰে কয় যে সকলো বিমান সংস্থাই ভাড়া সীমাৰ উৰ্দ্ধত টিকট বিক্ৰী কৰিব নোৱাৰিব। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই ব্যৱস্থা প্ৰযোজ্য হৈ থাকিব বুলি চৰকাৰে উল্লেখ কৰিছে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে বিমান ভাড়াৰ অনিয়ম ৰোধ কৰা, বজাৰত মূল্য নিৰ্ধাৰণৰ অনুশাসন বজাই ৰখা, দুৰ্দশাগ্ৰস্ত যাত্ৰীৰ শোষণ ৰোধ কৰা। এতিয়া কোনো বিমান সংস্থাই ৫০০ কিলোমিটাৰ দূৰত্বত ৭,৫০০ তকৈ অধিক, বা ৫০০-১,০০০ কিলোমিটাৰ দূৰত্বত ১২,০০০ টকাতকৈ অধিক ভাড়া ল’ব নোৱাৰিব। সৰ্বোচ্চ ভাড়া ১৮ হাজাৰ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে বিজনেছ ক্লাছৰ ক্ষেত্ৰত এই ভাড়াৰ সীমা প্ৰযোজ্য নহ’ব। ইণ্ডিগ’ৰ বিমান ব্যাপক হাৰত বাতিল আৰু পলমৰ পিছত বিমান ভাড়াত দ্ৰুত উত্থান ঘটিছিল। বিকল্প বিমানৰ সন্ধানত যাত্ৰীসকলে স্বাভাৱিক মূল্যৰ দহগুণ টিকট ক্ৰয় কৰিবলৈ বাধ্য হৈছিল। বুকিং চাইট মেকমাইট্ৰিপৰ মতে, ৬ ডিচেম্বৰত দিল্লীৰ পৰা বেংগালুৰুলৈ যোৱা সুলভ বিমানৰ মূল্য ৪০ হাজাৰ তকৈ অধিক, আনহাতে কিছু বিমানৰ মূল্য ৮০ হাজাৰ পৰ্যন্তলৈ বৃদ্ধি পাইছিল।
দিল্লী-মুম্বাই বিমানৰ সৰ্বনিম্ন ভাড়া আছিল ৩৬,১০৭ টকা আৰু সৰ্বোচ্চ ৫৬,০০০ টকা। ইফালে, গভীৰ নিশা দিল্লী-চেন্নাই বিমানৰ মূল্য ৬২ হাজাৰৰ পৰা ৮২ হাজাৰ টকালৈ বৃদ্ধি পাইছিল। ইয়াৰ উপৰিও অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ক নিৰ্দেশ দিছে যে কাইলৈ (দেওবাৰ) নিশা ৮ বজাৰ ভিতৰত যাত্ৰীসকলৰ সকলো বাকী থকা ধন উভতাই দিবলৈ। যাত্ৰীৰ লাগেজো ৪৮ ঘণ্টাৰ ভিতৰত ঘূৰাই দিব লাগিব। তদুপৰি চৰকাৰে আন বিমান সংস্থাসমূহক নিৰ্ধাৰিত বিমান ভাড়াতকৈ অধিক ধন নোলোৱাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাসমূহ পালন নকৰিলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঁকিয়াই দিছে। শুকুৰবাৰে বেকফুটলৈ আহে কেন্দ্ৰীয় চৰকাৰ। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থা বিশেষকৈ ইণ্ডিগ’ক ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে অস্থায়ী সকাহ প্ৰদান কৰে।সাপ্তাহিক জিৰণিৰ সলনি কোনো ধৰণৰ ছুটী নিদিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হয়। ইণ্ডিগ’ই দাবী কৰে যে এই নিয়মৰ ফলত পাইলট আৰু অন্যান্য কৰ্মচাৰীৰ অভাৱ ঘটিছিল, যাৰ ফলত ইয়াৰ সমগ্ৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰিছিল।
ইয়াৰ শুধৰণি কৰিবলৈ সময় লাগিব। ডিজিচিএই ১ নৱেম্বৰৰ পৰা পাইলট আৰু অন্যান্য ক্ৰু সদস্যৰ বাবে কৰ্ম সম্পৰ্কীয় নিয়ম ফ্লাইট ডিউটি টাইম লিমিটেচন (এফডিটিএল)ৰ দ্বিতীয় পৰ্যায় কাৰ্যকৰী কৰে।প্ৰথম পৰ্যায়টো ১ জুলাইৰ পৰা কাৰ্যকৰী হয়। উল্লেখ্য যে শেহতীয়াকৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) পাইলট আৰু অন্যান্য ক্ৰু সদস্যৰ বাবে কৰ্ম নিয়মৰ পৰিৱৰ্তন কাৰ্যকৰী কৰে, যাক ফ্লাইট ডিউটি টাইম লিমিটেচন (এফডিটিএল) বুলি জনা যায়, যিটো ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। প্ৰথম পৰ্যায় ১ জুলাইৰ পৰা কাৰ্যকৰী হয়, আৰু দ্বিতীয় পৰ্যায় ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। নতুন নিয়ম অনুসৰি যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে পাইলট আৰু ক্ৰুৰ বাবে পৰ্যাপ্ত জিৰণি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ফলত বিমান সংস্থাৰ বাবে পাইলট আৰু ক্ৰু মেম্বাৰৰ হঠাৎ অভাৱ ঘটিছে। ডিজিচিএই প্ৰকাশ কৰা অনুসৰি নৱেম্বৰ মাহত মুঠ ১২৩২খন ইণ্ডিগ’ বিমান বাতিল কৰা হৈছে, য’ত এফডিটিএলৰ নিয়মৰ বাবে ৭৫৫খন বিমান বাতিল কৰা হৈছে।
