গুৱাহাটীৰ বিলাসী ৰেষ্টুৰেণ্টত কোনো খাদ্য খোৱাৰ পূৰ্বে সাৱধান । চিটি চেণ্টাৰত হঠাৎ লাগিল হুলস্থূল ।শ্বপিং মলটোৰ তৃতীয় মহলাত থকা ‘কে ফুড এণ্টিনা’ নামৰ এখন কোৰিয়ান খাদ্যৰ বিপণীত বিক্ৰী হৈছে নিষিদ্ধ গো-মাংস ! দুই যুৱকে নুডলছ খাবলৈ গৈ এই ৰহস্য ফাদিল কৰিলে । যুৱককেইজনে অভিযোগ কৰা মতে কোৰিয়ান কোম্পানীটোৰ নুডলছৰ পেকেটত আছে গো-মাংস ।নুডলছৰ পেকেটত বিদেশী ভাষাত লিখা শব্দবোৰ গুগলত অনুবাদ কৰাৰ পিছতে এই কথা ধৰা পৰে । এই সন্দৰ্ভত প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক সোধা-পোছা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিস্থিতি জটিল হোৱাৰ উমান পাই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে উক্ত সামগ্ৰীবিধৰ লগতে অন্যান্য সামগ্ৰীসমূহো গোপন স্থানলৈ স্থানান্তৰ কৰাৰ অভিযোগ উঠিছে । ঘটনাৰ পিছতে বিপণীখন বন্ধ কৰি পলায়নো কৰে কৰ্তৃপক্ষই । ইতিমধ্যে দিছপুৰ থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।
