সমল ব্যক্তিৰ প্ৰশিক্ষণ সমাপ্তনিপুণ অসমৰ

240

বৰপেটা জিলাৰ ডায়েট আৰু পূৰ্বাঞ্চল বিবাহ ভৱনত আৰম্ভ হোৱা সমল ব্যক্তিসকলৰ ৫ দিনীয়া মণ্ডল ভিত্তিক আবাসিক প্ৰশিক্ষণ সোমবাৰে সফলতাৰে‌‌ সমাপ্ত হয়। বৰপেটা আৰু নলবাৰী জিলাৰ মুঠ ২২৮ জন‌ সমল ব্যক্তি এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে।

শেষত প্ৰশিক্ষণস্থলীত এক শিকন শিক্ষণ সামগ্ৰীৰ মেলাও অনুষ্ঠিত কৰা হয়। মেলাত অংশগ্ৰহণকাৰী সকলৰ ভিতৰৰ শ্ৰেষ্ঠ তিনিজন TLM প্ৰস্তুতকৰ্তাক পুৰস্কৃত কৰা হয়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বৰপেটা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সমীন বৈশ্যই ।

সভাত সমগ্ৰ শিক্ষাৰ বৰপেটা জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকা, নলবাৰী জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া আবেদুৰ ৰহমান, বৰপেটা জিলাৰ এফ এল এন জিলা প্ৰালোচক মিনাক্ষী দাস, নলবাৰী জিলাৰ এফ এল এন জিলা প্ৰালোচক ডেইজী‌ তালুকদাৰো উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন্ন গীত, অভিনয়, নৃত্য, কবিতা আবৃত্তি ইত্যাদি কাৰ্য অনুষ্ঠিত কৰা হয়।