১ অক্টোবৰৰ পৰা সুলভ মূল্যৰ দোকানত লাভ কৰিব চেনি, নিমখ আৰু মচুৰ দাইল । ১০ জিলাজুৰি আৰম্ভ হ’ব পাইলট প্ৰকল্প হিচাপে ।প্ৰথম পৰ্যায়ত এই আঁচনি ৰাজ্যৰ ১০ খন জিলাৰ ১৪,৩২১ খন সুলভ মূল্যৰ দোকানৰ পৰা আৰম্ভ হ’ব ।এমাহলৈ এই আঁচনি পাইলট প্ৰজেক্ট হিচাপে চলি থাকিব । ইয়াৰ পাছত অহা নৱেম্বৰ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এই ব্যৱস্থা প্ৰয়োগ কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ।
