RCBৰ ছন্দপতন! পঞ্জাৱ কিংগছৰ হাতত পৰাস্ত কোহলী বাহিনী

114

জয়ৰ চন্দৰে আইপিএল ২০২১ত নিজৰ স্থিতি সবল কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পিছে এতিয়া জয়ৰ ধাৰা অব্যাহত ৰাখিব পৰা নাই। কালি অনুষ্ঠিত হৈ যোৱা আইপিএলৰ ২৬ সংখ্যক খেলখনত পঞ্জাৱ কিংগছৰ হাতত ৩৪ ৰানত পৰাজয় বৰণ কৰিবলগা হ’ল বিৰাট বাহিনী।

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি জয়ৰ বাবে ১৮০ ৰানৰ লক্ষ্য আৰচিবিৰ সন্মুখত বান্ধি দিয়ে কে এল ৰাহুল নেতৃত্বাধীন পঞ্জাৱ কিংগছে। অধিনায়ক ৰাহুলৰ বিস্ফোৰক ১৯১ ৰানৰ ইনিংছৰ লগতে দ্য ইউনিভাৰ্ছ বছখ্যাত ক্ৰিছ গেইলৰ ৪৬ ৰানৰ দৰ্শনীয় ইনিংছটোৱে এক শক্তিশালী ভেটি প্ৰদান কৰে পঞ্জাৱক।

যাৰ বাবে ক্ৰিজত নামি প্ৰথমৰ পৰাই বিস্ফোৰক ৰূপ ধাৰণ কৰিবলৈ গৈ ছন্দপতন ঘটে আৰচিবৰ। প্ৰথমে দেবদত্ত পাডিকাৰ, তাৰ পিছত কোহলী, মেক্সৱেল, ডিভিলিয়াৰ্ছ… এজন এজনকৈ পেভিলিয়মুখী হয়। যাৰ পৰিণতিত ৩৪ ৰানত পৰাজিত হয় আৰচিবি। পঞ্জাৱ কিংগছৰ স্পিনাৰ যুটী হৰপ্ৰীত ব্ৰাৰ আৰু ৰবি বিষ্ণৈৰ সন্মুখত ব্যৰ্থ হয় প্ৰতিজন বেটছমেন।

এখন ৰোমাঞ্চকৰ খেল আজিও দেখিবলৈ পোৱা যাব। আইপিএল চিজনৰ সবাতোকৈ সফল দুটা দলৰ মাজত হব আজিৰ খেলখন। এফালে যদি হিটমেন ৰোহিতৰ ফৰ্ম, আনফালে আজিৰ খেলখনতো অনুৰাগী ৰৈ আছে জাদেজাৰ যাদু চাবলৈ। অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া এই হাই প্ৰফাইল খেল খনলৈ এতিয়া বাট চাই আছে দুয়োটা দলৰ অনুৰাগী।