আই পি এলৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে যোৱা ৪ জুনত অনুষ্ঠিত হোৱা বিজয় পেৰেডত প্ৰাণ হেৰুৱা ১১ জন লোকৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।আৰ চি বিৰ দলটোৱে চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে আই পি এল চেম্পিয়ন হয়। ইয়াৰ পিছত ৪ জুনত বাংগালুৰুত বিজয় পেৰেড অনুষ্ঠিত হয়।এই পেৰেডত পদপৃষ্ঠ হৈ ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হয়।
শনিবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত ফ্ৰেঞ্চাইজিটোৱে কয় – এই কঠিন সময়ত দলটোৱে সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে থিয় দিছে। এই সহায় তেওঁলোকৰ জীৱনক কিছু শক্তি দিবলৈ কৰা হৈছে। তেওঁলোকে উল্লেখ কৰিছে যে আমি হেৰুৱালোঁ আৰ চি বি পৰিয়ালৰ ১১ জন সদস্য। তেওঁলোক আমাৰ অংশ আছিল। তেওঁলোক আমাৰ চহৰ, আমাৰ সমাজ আৰু আমাৰ দলটোক মহান কৰি তোলা বস্তুবোৰৰ অংশ আছিল।
সেই পৰিয়ালবোৰক কোনো পৰিমাণৰ ধনেৰে সহায় কৰিব নোৱাৰি, কিন্তু শ্ৰদ্ধাঞ্জলি হিচাপে আমি ২৫ লাখ টকাকৈ সহায় কৰিব বিচাৰিছো। এইটো আৰ্থিক সহায় নহয়, ঐক্য আৰু যত্নৰ প্ৰতিশ্ৰুতি। আৰ চি বি কেয়াৰো আৰম্ভ কৰা হৈছে, যিটো দীৰ্ঘদিন ধৰি চলিব আৰু আমি আমাৰ অনুৰাগীৰ বাবে ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম।
