RCBৰ হাতত পৰাস্ত CSK

89

ডিজিটেল ডেস্কঃ ড্ৰীম১১ আইপিএলত বাৰে বাৰে মুখ থেকেচা খাইজে চেন্নাই চুপাৰ কিংগছে। বিশ্বৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ এই দলটো চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিৰাশ কৰিছে অনুৰাগীক। চলিত চিজনত চেন্নাই চুপাৰ কিংগছে ৭ খন খেল খেলি মাত্ৰ ২ খনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে আইপিএল-২০২০ৰ ২৫ সংখ্যক খেলখনত খেলপথাৰৰ ৰণত নামিছিল চেন্নাই চুপাৰ কিংগছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত দুই সফল অধিনায়কৰ মাজৰ খেলখনত পুনৰ এবাৰ পৰাস্ত হয় ধোনী বাহিনী।

খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল বিৰাট কোহলীয়ে। আৰচিবিয়ে মন্থৰ গতিৰে খেল আৰম্ভ কৰিলেও অধিনায়ক কোহলীৰ অপৰাজিত ৯০ ৰানৰ ইনিংছটোৰে চেন্নাইৰ সন্মুখত ১৬৯ ৰানৰ বিশাল লক্ষ্য থিয় কৰাবলৈ সক্ষম হয়। এই লক্ষ্যক প্ৰত্যাহ্বান জনাই ক্ৰিজত নমা চিএছকেৰ বাবে সহজ নাছিল খেল। এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই বিপৰ্যস্ত হৈ পৰে ধোনী বাহিনী। অম্বতি ৰায়ুডুৱে দলৰ হৈ ৪২ ৰান কৰে যদিও সেয়াও আছিল অতি মন্থৰ গতিৰে কৰা। ব্যৰ্থ হয় অধিনায়ক ধোনীও। যুৱ খেলুৱৈ নাৰায়ণ জগদীশন (৩৩ ৰান)-য়ে চিএছকে অনুৰাগীৰ বাবে অলপ আশাৰ সঞ্চাৰ কৰিলেও জগদীশনৰ ৰান আউটে আশাত চেঁচাপানী ঢালে। খেলুৱৈ সকলৰ ব্যৰ্থতাৰ ফলত অৱশেষত আৰচিবিৰ হাতত ৩৭ ৰানত পৰাস্ত হয় চিএছকে।

উল্লেখ্য যে, আইপিএলৰ পইণ্ট তালিকাত আৰচিবি আছে চতুৰ্থ স্থানত। তাৰ বিপৰীতে চিএছকে আছে ষষ্ঠ স্থানত। তালিকাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে দিল্লী কেপিটেলছ, মুম্বাই ইণ্ডিয়ানছ আৰু কলকতা নাইট ৰাইডাৰ্ছ।