সলনি হ’ব ১০০ আৰু ২০০ টকীয়া নোট

9

সলনি হ’ব ১০০ আৰু ২০০ টকীয়া নোট । ইতিমধ্যে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে, বজাৰত প্ৰৱৰ্তন কৰা হ’ব ১০০ আৰু ২০০ টকীয়া নতুন নোট।১০০ টকা আৰু ২০০ টকীয়া নতুন নোটত গৱৰ্ণৰ স্বাক্ষৰ সলনি হ’ব ৷ এতিয়ালৈকে প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ আছিল। এইবাৰ ১০০ আৰু ২০০ টকীয়া নোটত আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব।