গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত অসমৰ সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়োৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক ২০ জুনত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। চমু ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই অসমৰ সামাজিক – সাংস্কৃতিক জীৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনন্য অবদানৰ ওপৰত আলোকপাত কৰি পুণ্য শইকীয়াৰ এটি কবিতা আবৃত্তি কৰি বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী নিবেদিতা কলিতা,মেঘনা ভুঞাই ৰাভা সংগীত ,বিশাল বৰাই নৃত্য প্ৰদৰ্শন , অধ্যাপক প্ৰাঞ্জল শইকীয়াই বাঁহীবাদনেৰে কলাগুৰুক শ্ৰদ্ধা নিবেদন কৰে। অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু দৰ্শন সম্পৰ্কে এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে।
বিশ্ববিদ্যালয়ৰ অধ্যাপক ধুৰজোতী শৰ্মাই আতঁ ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা,অধ্যাপক যোগেন কলিতা, উপ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ কুলদীপ পাটগিৰিকে প্ৰমুখ্যে কৰি অধ্যাপক – অধ্যাপিকা, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
